বান-গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ কোনো বিকল্প নাই : সমুজ্জল কুমাৰ ভট্টাচাৰ্য - Assam flood 2024

By ETV Bharat Assamese Team

Published : Jun 30, 2024, 1:57 PM IST

thumbnail
মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্য (ETV Bharat Assam)

তিনিচুকীয়া, ৩০ জুন: পশ্চিম ছৈখোৱাৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই । উক্ত পৰিদৰ্শন কালত সংগ দিয়ে আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, সভাপতি উৎপল শৰ্মা, সহকাৰী সাধাৰণ সম্পাদক ৰাণা সোণাৰকে আদি কৰি আছুৰ কেন্দ্ৰীয় নেতাসকলে । সংকটত থকা হাতীঘুলি মথাউৰিৰ খহনীয়া পৰিদৰ্শন কৰি অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ড৹ সমুজ্জল ভট্টাচাৰ্যই ।

আছু উপদেষ্টাগৰাকীয়ে চৰকাৰক যুদ্ধকালীন তৎপৰতাৰে কাম কৰিবৰ বাবে আহ্বান জনায় । ইয়াৰোপৰি গৃহমন্ত্ৰী অমিত শ্বাহে ৫০ টা পুখুৰী খান্দি বান সমস্যা ৰোধ কৰিম বুলি কোৱা প্ৰক্ৰিয়াটো তেওঁ হাস্যকৰ বুলি উল্লেখ কৰে । লগতে বিজ্ঞানসন্মতভাৱে বান-গৰাখহনীয়া সমস্যা সমাধানৰ দাবী জনাই আছু উপদেষ্টাগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.