অসম আন্দোলনৰ সময়ৰ সমস্যাটো এতিয়া অধিক ভয়াৱহ হৈছে : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য - Dhing Rape Case

By ETV Bharat Assamese Team

Published : Aug 27, 2024, 6:52 PM IST

thumbnail
অসম আন্দোলনৰ সময়ৰ সমস্যাটো এতিয়া অধিক ভয়াৱহ হৈছে : ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য (ETV Bharat)

গুৱাহাটী, ২৭ আগষ্ট : ‘‘অসমত খিলঞ্জীয়াৰ অস্তিত্বক লৈ এতিয়া চিন্তিত হ'ব লগা পৰিৱেশৰ সৃষ্টি হৈছে । ভাৰতবৰ্ষৰ অসম হৈছে এনে এখন ৰাজ্য, যিয়ে ৪৫ বছৰ ধৰি নিজৰ প্ৰভুত্ব ৰক্ষাৰ বাবে যুঁজি আছে । অসম চুক্তি ৰূপায়ণ নোহোৱাৰ বাবে আজি খিলঞ্জীয়াৰ বাবে ভয়ৰ সৃষ্টি হৈছে । অসম চৰকাৰে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণ কৰিব লাগিব । এটা জাতিয়ে ৪৫ বছৰ চিঞৰি আছে, কিন্তু ফলাফল একো নাই ।’’ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ ৷

ধিঙৰ ধৰ্ষণকাৰীক কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ দাবী জনোৱাৰ প্ৰসংগত আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে কেতবোৰ মন্তব্য কৰে । তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘‘সকলো দলৰেই চৰকাৰ আছে, কিন্তু কোনেও গুৰুত্ব দিয়া নাই । এইখন চৰকাৰে বাংলাদেশীয়ে টালি-টোপোলা বান্ধি যাব লাগিব বুলি কৈছিল, কিন্তু কি হ'ল এতিয়া ? এইখন অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব সদায় থাকিব লাগিব । সকলো দলৰ চৰকাৰ অহাৰ পিছতো সমস্যা সমাধান নহ'ল । অসম আন্দোলনৰ সময়ত সমস্যাটো যিমান জটিল আছিল এতিয়া সমস্যাটো অধিক ভয়াৱহ হৈছে । দিল্লী-দিছপুৰত সকলো দলৰ চৰকাৰ আহিল, কিন্তু অসম চুক্তি কাৰ্যকৰী কৰা নহ'ল ।’’

লগতে পঢ়ক : ধিংকন্যাক ন্যায় দিয়ক : আন দুই অভিযুক্তক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ হুংকাৰ ধিঙৰ সংগঠনৰ - Dhing Rape Case

লগতে পঢ়ক : ঐতিহাসিক অসম চুক্তিয়ে ভৰি দিলে ৪০ বছৰত : কি পালে অসমে ? - Assam Accord

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.