ডিব্ৰুগড়ত আপৰ নিৰ্বাচনী ৰণডংকা - Dibrugarh Constituency

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 7:52 PM IST

মৰাণ, ২৪ ফেব্ৰুৱাৰী : সমাগত লোকসভা নিৰ্বাচন । তাৰ প্ৰাকক্ষণত অসমত নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰিছে আম আদমি পাৰ্টীয়ে । আম আদমি পাৰ্টীৰ নেতা তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী মনোজ ধানোৱাৰে ইতিমধ্যে নিৰ্বাচনী ৰণডংকা বজাইছে । নাম উল্লেখ নকৰাকৈ 'মামা' ক আধুনিক যুগৰ 'কংসমামা' আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিয়ালক শ্ৰীকৃষ্ণৰ অৱতাৰ আখ্যা দিয়ে মনোজ ধানোৱাৰে । হাতত ঝাড়ু লৈ সমাজৰ পৰা দুৰ্নীতি তথা দুৰ্নীতিত জড়িত জনপ্ৰতিনিধিক চাফাই কৰিবলৈ ৰাইজলৈ আহ্বান জনাই ধানোৱাৰে ।

লোকসভা নিৰ্বাচনৰ পূৰ্বে টিংখাঙত এনেদৰে আক্ৰমণাত্মক ৰূপত দেখা গ'ল যুৱ নেতাগৰাকীক । শনিবাৰে টিংখাঙত এখন কাৰ্যকৰ্তা সন্মিলনত অংশগ্ৰহণ কৰি নেতাগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী তথা শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰে । লগতে তেওঁ কয় যে ধৰ্ম আৰু জাত-পাতৰ ৰাজনীতিৰ পৰিৱৰ্তে উন্নয়নৰ ৰাজনীতি কৰিব আপে । এই অনুষ্ঠানত আপৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰভাৰী ৰাজেশ শৰ্মা, আপৰ ৰাজ্যিক উপ-সভাপতি ৰাজীৱ শইকীয়াৰ লগতে দলটোৰ বহুকেইগৰাকী নেতা-কৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক:কংগ্ৰেছৰ বহুতেই এতিয়াও নিজকে মন্ত্ৰী বুলিয়েই ভাবে: ৰিপুণ বৰা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.