মাছৰ বাবেই অকালতে প্ৰাণ হেৰুৱালে 22 বছৰীয়া আনোৱাৰে - Youth dies by drowning

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 9:28 AM IST

thumbnail
ৰঙিয়াৰ তুলসীবাৰীত কৰুণ ঘটনা (ETV Bharat Assam)

ৰঙিয়া, 26 জুন: ৰঙিয়াৰ তুলসীবাৰীত কৰুণ ঘটনা । মাছেই প্ৰাণ কাঢ়িলে এগৰাকী 22 বছৰীয়া যুৱকৰ । মাছ মাৰিবলৈ গৈ সলিল সমাধি ঘটিল ৰঙিয়াৰ তুলসীবাৰীৰ নিবাসী তথা জেচিবি চালক আনোৱাৰ আলীৰ । 

ঘটনাৰ বিৱৰণী অনুসৰি ৰঙিয়া তুলসীবাৰীৰ এখন বিলত মাছ মাৰি থাকোতে পানীৰ মাজতে আৱদ্ধ হৈ পৰে আনোৱাৰ । তেওঁক উদ্ধাৰ কৰিবৰ বাবে বন্ধুৰ পৰা সহায় বিচাৰে যদিও বন্ধুজনেও সাঁতুৰিব নজনা বাবে আনোৱাৰক উদ্ধাৰ কৰাটো সম্ভৱপৰ হৈ নুঠিল । যাৰ ফলত বিলখনত ডুব যায় আনোৱাৰ । 

পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত অৱগত হৈ স্থানীয় লোকে আনোৱাৰক উদ্ধাৰ কৰিবলৈ যায় যদিও ইতিমধ্যে যুৱকজনে মৃত্যুক সাৱটি লয় । ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয় ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.