thumbnail

By ETV Bharat Assamese Team

Published : Apr 3, 2024, 5:20 PM IST

ETV Bharat / Videos

এটা ভাইৰেল কল ৰেকৰ্ডিঙে জোকাৰণি তুলিছে নগাঁও কংগ্ৰেছত - Lok Sabha Election 2024

নগাঁও, 3 এপ্ৰিল : নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰে বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ ভাইৰেল হৈ পৰা এটা কল ৰেকৰ্ডিঙক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক চৰ্চা ৷ প্ৰদ্যুৎ বৰদলৈৰ প্ৰাৰ্থিত্ব আৰু কংগ্ৰেছ নেতাৰ বিজেপিত যোগদান সন্দৰ্ভত বিজেপি নেতা সুৰেশ বৰাৰ সৈতে বাৰ্তালাপ হৈছিল ফোন ৰেকৰ্ডিংটোত ৷

মাঘ বিহুৰ সময়তে বিজেপিত যোগদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছিল নগাঁও জিলা কংগ্ৰেছৰ সাধাৰক সম্পাদক সুৰেন শইকীয়াই ৷ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰাৰ্থিত্ব পালে কংগ্ৰেছত বিসম্বাদ হ'ব বুলিও উল্লেখ কৰিছিল ৰেকৰ্ডিঙটোত ৷

শেহতীয়াকৈ ভাইৰেল হৈ পৰা এই অডিঅ'ক লৈ এতিয়া নগাঁও কংগ্ৰেছত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে, বৰ্তমানেও নগাঁও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদকৰ পদত আছে সুৰেন শইকীয়া ৷ 

লগতে পঢ়ক : চান্দা সংগ্ৰহ কৰা ভাল কিন্তু নিয়ম মতে ল’ব লাগিব : ভূপেন বৰাক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰীৰ - Lok Sabha Election 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.