thumbnail

By ETV Bharat Assamese Team

Published : Apr 4, 2024, 6:12 PM IST

ETV Bharat / Videos

কেতেকীৰ সুগন্ধই আমোলমোলাইছে বিহপুৰীয়াৰ বদতি জামুগুৰি - Keteki flower

বিহপুৰীয়া, 4 এপ্ৰিল :  “দেউতাৰ পদূলিত গোন্ধাইছে মাধুৰী, কেতেকী মলেমলাই ঐ গোবিন্দাই ৰাম ।” বসন্ত আগমনৰ লগে লগে সুগন্ধি কেতেকী ফুলে আমোলমোলাইছে বিহপুৰীয়াৰ বদতি জামুগুৰিত ৷

লখিমপুৰ জিলাৰ বিহপুৰীয়াৰ বদতি জামুগুৰিৰ প্ৰকৃতিপ্ৰেমী নাৰায়ণ বৰাৰ ঘৰৰ আগচোতালত বসন্ত অহাৰ জাননী দিছে এজোপা কেতেকী ফুলৰ গছে ৷ কেতেকীৰ সুৱাস বিচাৰি ফুলজোপাৰ কাষলৈ আগমন ঘটিছে বিহুবলীয়া ডেকা-গাভৰুৰ ৷ প্ৰকৃতিপ্ৰেমী নাৰায়ণ বৰাই বিগত ৫০টা বছৰে সংৰক্ষণ কৰা এই কেতেকী জোপাই সুগন্ধি বিলোৱাই নহয় বদতি জামুগুৰি গাঁওখনৰ সৌন্দৰ্য বৃদ্ধি কৰিছে ৷

সম্প্ৰতি প্ৰায় বিলুপ্তপ্ৰায় ফুলবিধ সংৰক্ষণ কৰা নাৰায়ণ বৰা এই কেতেকী ফুল জোপাক লৈ গৌৰৱাম্বিত ৷ ইফালে কেতেকী ফুলৰ সন্দৰ্ভত থকা কিছু ভুৱা প্ৰচাৰৰ সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰিছি নাৰায়ণ বৰাই ৷ কেতেকী ফুল থাকিলে সাপ বেছি হয় বুলি থকা ধাৰণা অমূলক বুলি কয় প্ৰকৃতিপ্ৰেমীগৰাকীয়ে ৷

লগতে পঢ়ক: ব’হাগৰ বতৰা লৈ বাৰীৰ চুকত ফুলি ৰৈছে মাখিয়তী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.