কণমানি পুত্ৰৰ সন্মুখতে ডিমৌ নৈৰ বাঢ়নী পানীত উটি গ'ল পিতৃ - Missing In River

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 8:46 PM IST

thumbnail
খোৱাঙত কণমানি পুত্ৰৰ সন্মুখতে ডিমৌ নৈৰ বাঢ়নী পানীত উটি গ'ল পিতৃ (ETV Bharat Assam)

ডিব্ৰুগড়,২৩ জুলাই: ডিব্ৰুগড়ৰ খোৱাঙত ডিমৌ নৈৰ বাঢ়নী পানীত পৰি সন্ধানহীন এজন ব্যক্তি । খোৱাং আজাৰগুৰিত সংঘটিত হোৱা এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্য । ঘটনা অনুসৰি ডিব্ৰুগড়ৰ হাতীগড় বকপৰা গাঁৱৰ যুগুনো ভূঞাই খোৱাং আজাৰগুৰিৰ বায়েক-ভিনিহিয়েকৰ ঘৰলৈ দেওবাৰে ফুৰিবলৈ আহিছিল ৷ সোমবাৰে বিয়লি ঘৰৰ সমীপতে থকা ডিমৌ নৈত ব্যক্তিজনৰ কণমানি পুত্ৰই বৰশী টুপাই থকাৰ সময়তেই গা-ধুৱলৈ গৈ ডিমৌ নৈৰ বাঢ়নী পানীত উটি যায় যুগুনো ভূঞাৰ নামৰ ব্যক্তিজন ।  

ইয়াৰ পাচৰে পৰা কোনো সন্ধান নাই লোকজনৰ । ঘটনাৰ পাচতে স্থানীয় ৰাইজে উদ্ধাৰৰ বাবে চেষ্টা কৰিছিল যদিও সফল হ'ব নোৱৰাত মঙলবাৰে পুৱাই পৰা SDRF এ ডিমৌ নৈত উদ্ধাৰ অভিযান চলাই যদিও বাতৰি সংগ্ৰহৰ সময়লৈকে কোনো সন্ধান লাভ কৰা নাই লোকজনৰ । 

লগতে পঢ়ক: মৰঙীত অঘটন : দৈগ্ৰোঙ নদী পাৰ হওঁতেই সন্ধানহীন এজন লোক - Missing In River

দৈয়াং নদীত সন্ধানহীন দুই কিশোৰৰ উদ্ধাৰ অভিযান অব্য়াহত - Teenagers Missing

ভোগদৈত অচিনাক্ত লোকৰ মৃতদেহ উদ্ধাৰ : অঞ্চলজুৰি চাঞ্চল্য - DEADBODY RECOVERED

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.