কাৰ্যালয় কেতিয়াবাই উঠি গ’ল, ৰৈ গ’ল... - GOVT OFFICE IN MAJULI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 6:20 PM IST

মাজুলী: ভাৰাঘৰ আপুনি বা মই সকলোৱে দেখিছো বা ভাৰাঘৰত থাকি পাইছো ৷ কিন্তু মাজুলীৰ এটা ভাৰাঘৰ দেখিলে আপোনাৰো চকু কঁপালত উঠিব ৷ কিয়নো ভাৰাঘৰটোৰ বাহিৰৰ বেৰত ওলমি আছে চৰকাৰী নামফলক । তাৰ বিপৰীতে ঘৰটোৰ কোঠাত আছে ভাৰতীয়াহে । উজনি মাজুলীৰ উন্নয়ন খণ্ডৰ অধীনৰ চেৰেপাই গাঁও পঞ্চায়তত এই আজৱ কাণ্ড সংঘটিত হৈছে । 

আচলতে চেৰেপাই গাঁও পঞ্চায়তৰ কাৰ্যালয়টো পুৰণি ঘৰ এৰি নতুন এটা ঘৰলৈ অহা আজি প্ৰায় এবছৰ সম্পূৰ্ণ হ’ল ৷ কিন্তু পুৰণি গৃহত ওলমি থকা নামফলকখন আঁতৰাবলৈহে সময় নহ’লে চেৰেপাই গাঁও পঞ্চায়তৰ কৰ্মচাৰীৰ । পুৰণি পঞ্চায়তৰ ঘৰটো ভাৰাত দিয়াৰ পাছতো এবছৰে এনেদৰে ওলমি আছে অশোকস্তম্ভ ব্যৱহৃত চৰকাৰী নামফলক । চেৰেপাই গাঁও পঞ্চায়তৰ কৰ্মচাৰীৰ কাণ্ডত সৰ্বত্ৰে প্ৰতিক্ৰিয়া হোৱা দেখিবলৈ পোৱা গৈছে ।

আজিৰ তাৰিখত চেৰেপাই গাঁও পঞ্চায়তৰ পুৰণি কাৰ্যলয়টো ভাৰাত দিয়াৰ পাছতো চৰকাৰী নামফলক লাগি থাকিবলৈ দিয়াটো দুৰ্ভাগ্যজনক আখ্যা বিভিন্নজনৰ । এটা বছৰ পাৰ হোৱাৰ পাছতো বিভাগৰ কৰ্মচাৰীয়ে নামফলত দেখা নাপালে, তেন্তে এইসকল কৰ্মচাৰীৰ পৰা ৰাইজে কি আশা কৰিব ?

লগতে পঢ়ক: জিলা আয়ুক্ত কাৰ্যালয়ৰ ভিতৰতে চোকা অস্ত্ৰৰে আক্ৰমণ বিষয়াক - Attack on Govt Officer

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.