ধোদৰআলিত বন্যহস্তীয়ে ল’লে জিৰণি : নান্দনিক দৃশ্য চাবলৈ সমবেত জনসাধাৰণ - Wild Elephant

By ETV Bharat Assamese Team

Published : Jun 27, 2024, 10:29 PM IST

thumbnail
ধোদৰআলিত বন্যহস্তীয়ে ল’লে জিৰণি (ETV Bharat Assam)

মৰিয়নী, 29 জুন: হাতী-মানুহৰ সংঘাত নহয় ৷ এইবাৰ মৰিয়নীত দেখা গ’ল এক দৃষ্টিনন্দন দৃশ্য ৷ কাকো ক্ষতিসাধন নকৰাকৈ বৃহস্পতিবাৰে দিনৰ ভাগত মৰিয়নীৰ ৰাজপথত বন্যহস্তীয়ে ল’লে বিশ্ৰাম ৷ বন্যহস্তীৰ বিশ্ৰামৰ বাবেই পথৰ দুয়োপাৰত আৱদ্ধ হৈ পৰে যান-বাহন । মৰিয়নীৰ হোলোঙাপাৰাৰ গিবন অভায়ৰণ্যৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকটো অৱশ হৈ ধোদৰআলিত শান্ত-সমাহিতভাৱে কাকো অপকাৰ নকৰাকৈ নিদ্ৰামগ্ন হৈ পৰে ।

আনহাতে বহু সময় পথৰ ওপৰত বিশ্ৰাম লৈ পুনৰ বন্যহস্তী জাকটোৱে গিবন অভায়ৰণ্যলৈ গতি কৰে । তাপৰ্যপূৰ্ণ যে ধোদৰআলিত বন্যহস্তীৰ এই বিশ্ৰাম লোৱা দৃশ্য প্ৰায়েই সুলভ বুলি ক’লে ভুল কৰা নহয় । আনহাতে বন্যহস্তীৰ এনে নান্দনিক দৃশ্য প্ৰত্যেক মুহূৰ্তত দেখাৰ সৌভাগ্য ঘটে মৰিয়নী ধোদৰআলিৰ যাত্ৰীসকলৰ ৷

লগতে পঢ়ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ ধেমালিৰ মনোৰম দৃশ্য বন্দী পৰ্যটকৰ লেন্সত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.