thumbnail

By ETV Bharat Assamese Team

Published : Feb 27, 2024, 1:30 PM IST

ETV Bharat / Videos

কলিয়াবৰত দুৰ্ঘটনাত আহত এটা পহু

কলিয়াবৰ,২৭ ফেব্ৰুৱাৰী: কলিয়াবৰৰ চতিয়ালত ৰাষ্ট্ৰীয় ঘাইপথত এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ খুন্দাত আহত হয় এটা পহু । ট্ৰেভেলাৰ খনৰ খুন্দাত আহত পহুটো স্থানীয় লোকে উদ্ধাৰ কৰি খবৰ দিয়ে বন বিভাগক । বন বিভাগৰ লোক আহি আহত পহুটোৰ চিকিৎসাৰ বাবে স্থানীয় পশু চিকিৎসালয়লৈ প্ৰেৰণ কৰে । কাষৰীয়া হাবিৰ পৰা সঘনাই খাদ্যৰ সন্ধানত সেই পথৰে পাৰাপাৰ হয় পহু ।  

কলিয়াবৰৰ ন-সত্ৰ, চতিয়াল আদি অঞ্চলত ৰাষ্ট্ৰীয় পথৰ দাঁতিৰ কলঙৰ কাষৰ হাবিয়নিত থকা কেইবাটাও পহু ইতিমধ্যে দুৰ্ঘটনাত নিহত হৈছে । ২০১৭ চনৰ আগষ্ট মাহৰ বানৰ পাছতেই কলিয়াবৰৰ কলং পাৰৰ হাবিয়নিৰ লগতে আন বহু স্থানত পহুৰ বসতি আৰম্ভ হৈছে । ইয়াৰে বহুকেইটা পহু দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছে । তদ্ৰুপ মঙলবাৰে তেনে এক ঘটনা সংঘটিত হয় কলিয়াবৰৰ চতিয়ালত । চালকসকলক উক্ত অঞ্চলত বাহনৰ গতিবেগ কমাবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে । 

লগতে পঢ়ক: হাতী গণনাৰ বাবে বন বিষয়া-কৰ্মীক জি পি এছ ব্যৱহাৰৰ প্ৰশিক্ষণ আৰণ্যকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.