ৰকিবুল হুছেইনৰ বিৰুদ্ধে কোনে তৰিব ২০০ কোটি টকাৰ মানহানিৰ গোচৰ ! - MP Rakibul Hussain

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 10:22 PM IST

thumbnail
বিধায়ক জিতু গোস্বামী (ETV Bharat Assam)

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : অব্যাহত আছে সাংসদ ৰকিবুল হুছেইন বনাম বিধায়ক জিতু গোস্বামীৰ যুঁজ । সাংসদ ৰকিবুল হুছেইনে নগাঁও সদৰ থানাত গোচৰ দিয়াৰ প্ৰসংগত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে বিধায়ক জিতু গোস্বামীয়ে । বিধায়ক জিতু গোস্বামীয়ে নিজৰ প্ৰতিক্ৰিয়াত কয়, "২০১৬ চনৰ নিৰ্বাচনত চামগুৰি সমষ্টিত ৰকিবুল হুছেইনৰ গুণ্ডাবাহিনীয়ে মোৰ গাড়ীলৈ শিলগুটি মাৰিছিল । মই গাড়ীখন ভিণ্টেজ কাৰ কৰি সজাই ৰাখিম ।"

গোস্বামীয়ে লগতে কয়, "ৰকিবুল হুছেইনে নিজৰ সমষ্টিতেই নিৰাপত্তাহীনতাত ভুগিছে । কিন্তু মই তেওঁৰ সমষ্টিলৈ নিৰাপত্তাৰক্ষী নোহোৱাকৈ যাম । তেওঁ ভয় খাইছে । এইবাৰ ১৫ ছেপ্টেম্বৰত তেওঁৰ এলেকাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলসমূহত মই যাম আৰু তাত দুহাজাৰ মানুহে বিজেপিত যোগদান কৰিব । তাত মই এজনো নিৰাপত্তাৰক্ষী লৈ নাযাও । চামগুৰি সমষ্টিৰ ৰাইজে মোক নিৰাপত্তা দিব । তাত এতিয়া বিধায়ক নাই সেই গতিকে তাত মই দহটাকৈ চৰকাৰী আঁচনি উদ্বোধন কৰিছো । ৰাইজে মোক উদ্বোধন কৰাৰ বাবে মাতিছে ।"

বিধায়ক গোস্বামীয়ে লগতে কয়, "ৰকিবুল হুছেইনে সংবাদমেলযোগে জিতু গোস্বামী ছালফা বুলি কৈছিল । মই কোন দিনা আলফা আছিলো আৰু কোন দিনা ছালফা হ'লো তাৰ তেওঁ প্ৰমাণ দিব লাগিব । মই সোমবাৰে গুৱাহাটীত ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে ১০০ কোটি টকাৰ মানহানিৰ গোচৰ দিম । আনহাতে দিল্লীতো ১০০ কোটি টকাৰ আৰু এটা মানহানিৰ গোচৰ ৰকিবুল হুছেইনৰ বিৰুদ্ধে দিম ।"

লগতে পঢ়ক: নগাঁৱৰ সভাত কিয় চকু সেমেকিল গৌৰৱ গগৈৰ - Nagaon District Congress

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.