thumbnail

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 2:24 PM IST

ETV Bharat / Videos

বাঢ়নি পানীৰ কোবাল সোঁতত পৰিল 7 বছৰীয়া শিশু; SDRF ৰ অভিযান অব্যাহত - Boat accident in Barpeta

বৰপেটা, 21 জুন : বান পৰিস্থিতিয়ে ৰাজ্যত জটিল ৰূপ লোৱাৰ সময়তে বৰপেটা জিলাৰ সৰুক্ষেত্ৰীত সংঘটিত হয় এটি অঘটন । বাঢ়নি পানীৰ সোঁতত পৰি দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী নাও ৷ যাৰ ফলত সন্ধানহীন হৈ পৰে নাওখনত থকা এটি 7 বছৰীয়া শিশু  ৷ সন্ধানহীন শিশুটি সৰুক্ষেত্ৰীৰ ৰঙীয়া নদীৰপাম গাঁৱৰ ছাহাদত আলীৰ পুত্ৰ কাইছ আহমেদ বুলি জানিব পৰা গৈছে ।

পিতৃৰ সৈতে মন্দিয়াত থকা আৱাসিক বিদ্যালয়ত ভগ্নীক থবলৈ গৈ আছিল শিশুটিয়ে ৷ তেনেতে সংঘটিত হয় এই অঘটনটো ৷ ইপিনে নাওখনত আছিল নগাঁৱৰ বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰো 5 গৰাকীকৈ ছাত্ৰ ৷ অৱশ্যে ছাত্ৰকেইজনৰ লগতে নাওখনত থকা আনসকল যাত্ৰীৰ জীৱন সৌভাগ্যক্ৰমে ৰক্ষা পৰে বুলি জানিব পৰা গৈছে ৷ 

তথ্য অনুসৰি, নাওখনত আছিল প্ৰায় 10 গৰাকীকৈ যাত্ৰী ৷ বেচিমাৰী গাঁৱৰ সমীপত নাওখন দুৰ্ঘটনাগ্ৰস্ত হয় ৷ শিশুটিৰ পিতৃ আৰু ভগ্নীৰ লগতে নাওখনত থকা আন যাত্ৰীসকলৰ জীৱন পানীত সাঁতুৰি ৰক্ষা পৰে যদিও বাঢ়নি পানীৰ সোঁতত পৰি 7 বছৰীয়া শিশুটি সন্ধানহীন হৈ পৰে ৷ ইতিমধ্যে ঘটনাস্থলীত SDRF বাহিনীৰ জোৱান উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও শিশুটিৰ কোনো সন্ধান উলিয়াব পৰা নাই ।

লগতে পঢ়ক: ৰাজ্যৰ অপৰিৱৰ্তিত বান পৰিস্থিতি : ২২ খন জিলাৰ ৪ লাখ ৯ হেজাৰ ৩৫৬ জন লোক ক্ষতিগ্ৰস্ত - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.