কিতাপ এৰি চুৰি বিদ্যা, বাইক চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ ৭ নাবালকক - Bike theft arrested

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 10:54 PM IST

thumbnail
বাইক চুৰিৰ অপৰাধত গ্ৰেপ্তাৰ ৭ নাবালকক (ETV Bharat Assam)

হাফলং,৩০ আগষ্ট: হাতত কিতাপ আৰু কলম লৈ বিদ্যালয়লৈ গৈ নিজকে সমাজত প্ৰতিষ্ঠা কৰাৰ সময়তে ডিমা হাছাও জিলাত এচাম নাবালকে বাচি লৈছে অপৰাধৰ পথ । তেওঁলোকে চুৰি আৰু বিভিন্ন অপৰাধজনিত পথত খোজ দিছে । ডিমা হাছাও আৰক্ষীৰ এক অভিযানে পোহৰলৈ আনিছে এই ভয়ংকৰ তথ্য । মটৰ চাইকেল চুৰি কৰাৰ অপৰাধত ৭ গৰাকী নাবলক গ্ৰেপ্তাৰ হোৱাৰ পিছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহে । যোৱা কিছুদিনৰ পৰা ডিমা হাছাও জিলাত ক্ৰমাৎ মটৰ চাইকেল আৰু স্কুটী চুৰি হোৱাৰ ঘটনা বৃদ্ধি পাইছে । এই মটৰ চাইকেল আৰু স্কুটী চুৰিৰ ঘটনাত ৭ জনীয়া এটা দল জড়িত হৈ আছিল ।  

বৃহস্পতিবাৰৰ নিশাৰ পৰা শুকুৰবাৰৰ পুৱা পৰ্যন্ত টি এছ আই লক্ষ্মীধৰ শইকীয়াৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই মটৰ চাইকেল আৰু স্কুটী চুৰি কৰাৰ অপৰাধত ৭ টাকৈ নাবালক চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ডিমা হাছাও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) ফাৰুক আহমেদে জনোৱা অনুসৰি ধৃত ৭ টাকৈ চোৰৰ পৰা চুৰি কৰা ৮ খন মটৰ চাইকেল উদ্ধাৰ কৰে আৰক্ষীয়ে । অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে লগতে জনাই যে বৃহস্পতিবাৰ নিশা এখন মটৰ চাইকেল চুৰি কৰাৰ সময়ত আৰক্ষীয়ে এটা চোৰক হাতে-লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ইতিমধ্যে হাফলং থানাত এই সন্দৰ্ভত 65/2024/ ভাৰতীয় ন্যায় সংহিতাৰ অধীনত 61/302 নম্বৰৰ এটা গোচৰ ৰুজু কৰা হৈছে ।

লগতে পঢ়ক: গৰুচোৰৰ দলত নতুন সংযোজন, চুৰি কৰিবলৈ আহি জালত মহিলা গৰুচোৰ - WOMEN COW THIEVE DETAINED

চুৰি হোৱা ১০টাকৈ চিলিণ্ডাৰসহ গ্ৰেপ্তাৰ কুখ্যাত চোৰ - Theft Incident

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.