অপৰাধ শাখাৰ আৰক্ষী জোৱানসহ নগাঁও আৰক্ষীৰ জালত ৭ জুৱাৰী - Gambler arrested in Nagaon
🎬 Watch Now: Feature Video


Published : Mar 17, 2024, 5:23 PM IST
নগাঁও, 17 মাৰ্চ : জুৱা খেলি নগাঁও আৰক্ষীৰ জালত পৰিছে অসম আৰক্ষীৰ অপৰাধ শাখাৰেই এগৰাকী আৰক্ষী জোৱান । শনিবাৰে নিশা নগাঁও আৰক্ষীয়ে জুৱা খেলৰ বিৰুদ্ধে চলোৱা এক অভিযানত জালত পৰে ৭ টাকৈ জুৱাৰী । নগাঁৱত আৰক্ষী অধীক্ষক হিচাপে স্বপ্ননীল ডেকাই যোগদান কৰাৰ পিচত জুৱা খেলৰ ঘাটিত প্ৰথমটো অভিযান চলালে নগাঁও আৰক্ষীয়ে ।
নিশা চলোৱা অভিযানতে অভিযানকাৰী আৰক্ষীৰ জালত পৰে ৭ টাকৈ জুৱাৰী । নগাঁও আৰক্ষীৰ জালত পৰা জুৱাৰী চক্ৰটোৰ ভিতৰত আছে গুৱাহাটীৰ অপৰাধ শাখাৰ এগৰাকী আৰক্ষী জোৱানো । ধৃত জুৱাৰীকেইটা ক্ৰমে আশীষ শৰ্মা, বাবুলী মেধি, মিণ্টু শইকীয়া, চন্দন বৰদলৈ, ৰঞ্জিত বিশ্বাস আৰু ভাৰত দাস । ইয়াৰে ৰঞ্জিত বিশ্বাস মহানগৰ আৰক্ষীৰ অপৰাধ শাখাত কৰ্মৰত বুলি জানিব পৰা গৈছে ।
নগাঁৱৰ ইটাচালী আৰক্ষীয়ে আটক কৰা জুৱাৰী চক্ৰৰ সদস্যকেইটাক দেওবাৰে দুপৰীয়া নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত জেল হাজোতলৈ প্ৰেৰণ কৰা হয় ৷
লগতে পঢ়ক : তৃষ্ণা কাকতিৰ প্ৰেমিক বিষ্ণুদেৱ কোচক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ