thumbnail

তিতাবৰত তৃতীয় অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস উদযাপন - 3rd Assam Police battalion

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 7:13 PM IST

তিতাবৰ/যোৰহাট, 23 জুলাই: উলহ-মালহেৰে মঙলবাৰে উদযাপন কৰা হয় তৃতীয় অসম আৰক্ষী বাহিনীৰ প্ৰতিষ্ঠা দিৱস ৷ অসম আৰক্ষীৰ তিতাবৰস্থিত তৃতীয় অসম আৰক্ষী বাহিনীৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উলহ মালহেৰে বাহিনীটোৰ চৌহদত অনুষ্ঠিত কৰা হয় । প্ৰতিষ্ঠা দিৱস উপলক্ষে মুখ্য অতিথিৰূপে অসম আৰক্ষীৰ পূৱ মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক সত্যৰাজ হাজৰিকা উপস্থিত থাকি বাহিনীটোৰ আৰক্ষী জোৱানসকলৰ অভিবাদন গ্ৰহণ কৰে । 

বাহিনীটোৰ ভাৰপ্ৰাপ্ত অধিনায়কৰ দায়িত্বত থকা যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰৰ উদ্যোগত উদযাপন কৰা হয় এই প্ৰতিষ্ঠা দিৱসটি ৷ তৃতীয় অসম আৰক্ষী বাহিনীৰ 67 সংখ্যক প্ৰতিষ্ঠা দিৱসটিত বিগত সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰা জোৱান আৰু পৰিয়াল আৱাসৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক: ল’ৰাটোক হেৰুৱালো, অন্ততঃ ন্যায় হিচাপে সংস্থাপন এটা দিয়ক : দীপাংকৰ গগৈৰ মাতৃৰ কাতৰ আহ্বান - Demand for justice

মৰিয়নীৰ পৰা প্ৰায় এমাহ ধৰি সন্ধানহীন দুই ছাত্ৰী - Student missing case

যোৰহাটত নিৰুদ্দেশ তিনি ছাত্র : মানৱ সৰবৰাহকাৰী চক্ৰৰ জালত পৰাৰ সন্দেহ - Student missing Jorhat

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.