বিশ্বনাথ: ফাগুন মানেই যেন লৃগাঙৰ বতৰ । পলাশ, শিমলু, মদাৰে কঢ়িয়াই আনিছে লৃগাঙৰ বতৰা । ফাগুন মাহৰ পহিলা বুধবাৰে পালন কৰা হয় এই উৎসৱ । এই উৎসৱৰ বাবে বৰ্তমান মিচিং জনগোষ্ঠী অধ্যুষিত গাঁওবোৰত এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰা দেখা গৈছে । গাঁৱে গাঁৱে কেৱল শুনিবলৈ পোৱা গৈছে ঐনিতমৰ সুৰ । ঢোলৰ শব্দ শুনি মিচিং ডেকা-গাভৰুৰ গা সাতখন-আঠখন হৈছে ।
কোনোবাজন যদি ব্যস্ত মূৰং ঘৰ নিৰ্মাণ কৰাত, আন কোনোবাজনে অতিথি আপ্যায়নৰ বাবে প্ৰস্তুত কৰিছে জনগোষ্ঠীয় পানীয় পৰ আপং, পুৰাং আপিন । লগতে বিধে বিধে মাছ, মাংস, বনশাক আদি বিচৰাত ব্যস্ত হৈ পৰিছে সকলো ।
বুধবাৰে অৰ্থাৎ কাইলৈ অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আয়ে লৃগাং । অসমৰ চুকে কোণে থকা মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰ অৰ্থাৎ ১৯ ফেব্ৰুৱাৰীত আয়োজন কৰিব আলি আয়ে লৃগাং । তাকে লৈ গহপুৰৰ বুৰৈ অঞ্চলৰ টকৌবাৰীত অন্তিম আখৰাত ব্যস্ত ডেকা-গাভৰুসকল । কোনোবাই যদি মেৰং অকুম নিৰ্মাণত ব্যস্ত আন কোনোবাই আকৌ গুমৰাগ নৃত্য আৰু ঐনিতমত ব্যস্ত হোৱা দেখা গৈছে লৃগাংথলীত ।
ইয়াৰ মাজতে বুৰৈগুৰি অঞ্চলৰ বিশিষ্ট সমাজসেৱক সুৰেণ নৰহে ই টিভি ভাৰতক কয়, "সাধাৰণতে এই উৎসৱত মিচিংসকলে শস্য সিঁচাৰ লগতে ডেকা-গাভৰু, বুঢ়া-মেথা সকলোৱে সমূহীয়া ভোজ-ভাত খাই নানান নৃত্য-গীত কৰে । মিচিং জনগোষ্ঠীৰ লোকসকলে বিশ্বাস কৰে যে দেৱতাক নাচ-গানেৰে সন্তুষ্ট নকৰিলে পৃথিৱীত বৰষুণ নহ'ব । তেতিয়া শস্যৰ উৎপাদন নহ'ব । সেয়ে তেওঁলোকে নৃত্য-গীতৰ মাজেৰে লখিমীক সন্মান প্ৰদৰ্শন কৰে ।" এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলি উল্লেখ কৰে নৰহে ।