thumbnail

তেল চুৰিত জড়িত ৬ জনক আটক, পিষ্টল-যন্ত্ৰ উদ্ধাৰ

By ETV Bharat Assamese Team

Published : 3 hours ago

যোৰহাট: হাতত মাৰণাস্ত্ৰ লৈ উজনিত পনীয়া সোণৰ চোৰাং বেহা । তেল চুৰিৰ লগত জড়িত ৬ জনক আটক কৰিছে যোৰহাট আৰক্ষীয়ে । লগতে আৰক্ষীয়ে পিষ্টলসহ বহু যন্ত্ৰপাতি জব্দ কৰিছে । উজনি অসমত  সক্ৰিয় হৈছে তেল চুৰি চক্ৰ । অইল আৰু অ' এন জি চিৰ তেলৰ পাইপলাইনত যন্ত্ৰপাতিৰ সহায়ত পাইপ ফুটা কৰি দীৰ্ঘদিনে তেল চুৰি কৰি এটা বৃহৎ চক্ৰই পনীয়া সোণৰ চোৰাং বেহা চলাই আহিছিল ।

শুক্ৰবাৰে নিশা জিলা উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা আৰক্ষীৰ দলে তেল চুৰি কৰিবলৈ চেষ্টা চলাই থকাৰ সময়তেই পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি মাটি এলেকাৰ পৰা ৬জন লোকক আটক কৰে । ধৃত অভিযুক্তকেইজন হৈছে তিনিচুকীয়াৰ প্ৰণৱ বৰুৱা, ভুৱন মৰাণ, দুলীয়াজানৰ বিকি বৰশইকীয়া, খ্যাতি শইকীয়া,যোৰহাটৰ জিতুল দাস আৰু পৰাগ বৰা ।

আৰক্ষীয়ে এই চক্ৰটোৰ পৰা তেল চুৰি কাৰ্যত ব্যৱহাৰ কৰা বিভিন্ন সা-সজুলি আৰু এটা অনুজ্ঞাপত্ৰ থকা পিষ্টল আৰু AS 06 AE 4564 নম্বৰৰ এখন গাড়ীও জব্দ কৰিছে । আনহাতে, আটকাধীন কেইজনৰ ভিতৰত দুজনৰ নামত ২০২২ৰ পাইপ লাইনৰ গোচৰ ৰুজু হৈ আছে বুলিও যোৰহাট জিলা উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰী কৰিছে ।

লগতে পঢ়ক:কি বুলি মাতিব ? ৰাজনৈতিক নেতা, জাতীয় সংগঠনৰ নেতা, সাংবাদিক নে ডকাইত ? - Robbery in Guwahati

গুৱাহাটীত ৫.৫ কোটি টকাৰ ড্ৰাগছ জব্দ; ২ সৰবৰাহকাৰী আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.