চিলাপথাৰত মিচিং জাতীয় সংগঠন MMKৰ প্ৰতিষ্ঠা দিৱস উদযাপন - MMK foundation day in Silapathar
🎬 Watch Now: Feature Video
জোনাই, ২৮ মাৰ্চ : অসমৰ দ্বিতীয় সৰ্ববৃহৎ ভূমিপুত্ৰ জনজাতি মিচিং জাতীয় সংগঠন TMPKৰ ভাতৃত্ব সংগঠন MMKৰ ৩১ সংখ্যক প্ৰতিষ্ঠা দিৱস ৷ বৃহস্পতিবাৰে ৰাজ্যৰ আন প্ৰান্তৰ দৰে চিলাপথাৰ জিলা সমিতিৰ উদ্যোগত ডিমৌ, অকাজান, নামনি চিচিটঙানীত ১৩ খন অঞ্চলিকত উলহ-মালহেৰে পৰিৱেশৰ মাজত উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস ৷
কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণৰ পিচত অনুষ্ঠিত হোৱা মুকলি সভাত মিচিং জাতীয় সংগঠনৰ গণতান্ত্ৰিক সংগ্ৰামৰ প্ৰতিফলন আৰু ভৱিষ্যৎ কাৰ্যসূচীৰ ওপৰত আলোচনা কৰা হয় । ইফালে মিচিং জাতিৰ সৰ্বাংগীন উন্নয়নৰ স্বাৰ্থত লোকসভা নিৰ্বাচনত বিজেপিক ভোট প্ৰদান কৰিব বুলিও মুকলিকৈ মন্তব্য আগবঢ়ায় জাতীয় সংগঠনটোৰ নেতাসকলে ৷
ঐনিতম আৰু গুমৰাগৰ ছন্দত উখল-মাখল এক পৰিৱেশে জীপাল কৰি তোলে অনুষ্ঠানটো ।
লগতে পঢ়ক: হাৰ্ডৱেৰ দোকানীক শকত হোৱাৰ ৰহস্যৰ বিষয়ে প্ৰশ্ন সুধি চিকিৎসালয় পালেগৈ গ্ৰাহক