মিছন সুদখোৰ, তিনি সুদখোৰ আটক - private money lander
🎬 Watch Now: Feature Video


Published : Feb 23, 2024, 10:48 PM IST
নলবাৰী, ২৩ ফেব্ৰুৱাৰী : নলবাৰীত আৰম্ভ হৈছে সুদখোৰ বিৰোধী অভিযান । নলবাৰী আৰক্ষীয়ে শুকুৰবাৰে সুদখোৰৰ বিৰুদ্ধে অভিযানত নামি পৰিছে । ইতিমধ্যে নলবাৰী আৰক্ষীয়ে তিনিটাকৈ সুদখোৰ আটক কৰিছে বুলি জানিব পৰা গৈছে । মুকালমুৱা আৰু বেলশৰ আৰক্ষীয়ে আটক কৰে তিনি সুদখোৰক । ইয়াৰে মুকালমুৱা আৰক্ষীয়ে আটক কৰে দুই সুদখোৰক আনহাতে বেলশৰ আৰক্ষীয়ে আটক কৰে এটা সুদখোৰক ।
মুকালমুৱা আৰক্ষীয়ে আটক কৰা সুদখোৰদ্বয় ক্ৰমে ৰাজমোহন মেধি আৰু তাজনুৰ আলী । আৰক্ষীয়ে ৰাজমোহন মেধিৰ পৰা নগদ ৬৪,৪০০ টকা জব্দ কৰাৰ লগতে বহু নথি-পত্ৰ জব্দ কৰে । আনহাতে তাজনুৰ আলীৰ পৰা নগদ ১৩,৪০০ টকা জব্দ কৰাৰ লগতে বহু নথি পত্ৰ জব্দ কৰা বুলি জানিব পৰা গৈছে ।
ইফালে বেলশৰ আৰক্ষীয়ে পিপলিবাৰীৰ পৰা আটক কৰে দিবাকৰ বৰ্মন নামৰ এটা সুদখোৰক । আৰক্ষীয়ে দিবাকৰৰ পৰা নথি-পত্ৰৰ উপৰিও ২৬, ৮০০ টকা নগদ ধন জব্দ কৰে । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত এই সুদখোৰকেইটাক আটক কৰে বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : কিমান দূৰ আগবাঢ়িছে তিনি অপহৃতৰ সন্ধানৰ তদন্ত ?