হাতীখলা পথাৰত ভক্তিৰসত বুৰ গ'ল অগণন ভক্ত - 93rd Session of Sankardeva Sangha
🎬 Watch Now: Feature Video


Published : Feb 10, 2024, 10:55 AM IST
ৰঙিয়া,১০ ফেব্ৰুৱাৰী: দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হৈছে ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিবেশনস্থলী । দ্বিতীয় দিনাও পুৱাৰে পৰা সোত বৈছে বাপ, বান্ধৱ, ভকত, বৈষ্ণৱ, আই মাতৃসকলৰ । লোকাৰণ্য হৈ পৰিছে প্ৰায় ৭০০ বিঘা ভূমিক সাঙুৰি থকা শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক অধিৱেশনস্থলী । মূল নামঘৰত পুৱাৰে পৰা নাম কীৰ্তন কৰা দৃশ্যই এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰে ।
হৰিনাম ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ অঞ্চল । লক্ষ লক্ষ ভক্তক আদৰিছে সংঘৰ ১০ হাজাৰ সেৱাবাহিনী আৰু স্বেচ্ছাসেৱকে । প্ৰতিটো দিশ চোৱাচিতাৰ বাবে নিয়োগ কৰা হৈছে সেৱাবাহিনীৰ এক বিশাল দল । ইফালে অধিৱেশনস্থলীত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ দুখন তৈলচিত্ৰৰ লগতে মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্ত্তিৰ উপৰিও বিশাল আকাৰৰ শৰাই নিৰ্মাণ কৰা হৈছে । আনহাতে অধিবেশনৰ আগন্তুক সময়খিনিত সকলোৰে কৰ্মপন্থা আৰু কাৰ্যপ্ৰণালী সম্পৰ্কেও সিদ্ধান্তসমূহ গ্ৰহণ কৰা হ'ব ।
লগতে পঢ়ক: বটদ্ৰৱা থানৰ কোনো ধন-সোণ হৰলুকি হোৱা নাই: থান পৰিচালনা সমিতি