গোৱালপাৰাত হাতী-মানুহৰ সংঘাতৰ ফলত প্ৰাণ গ’ল দুজনকৈ লোকৰ

By ETV Bharat Assamese Team

Published : Feb 24, 2024, 2:48 PM IST

thumbnail

গোৱালপাৰা, 24 ফেব্ৰুৱাৰী: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত । শুকুৰবাৰৰ নিশা পুনৰ বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰা জিলাৰ লক্ষীপুৰত প্ৰাণ গ’ল দুজনকৈ লোকৰ । জানিব পৰা মতে, শুকুৰবাৰৰ নিশা 10.30 মান বজাত সংঘটিত হয় এই কৰুণ ঘটনাটো । 

বন্যহস্তীৰ আক্ৰমণত নিহত হোৱা লোকজন লক্ষীপুৰ হাতোগাওঁৰ কাৰ্তিক চন্দ্ৰ নাথৰ পুত্ৰ অতুল চন্দ্ৰ নাথ বুলি জানিব পৰা গৈছে ৷ আনহাতে, নিহত আনগৰাকী মহিলাৰ পৰিচয় বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই । দুয়োজনে নিশা হাতোগাঁৱৰ নিজ ঘৰলৈ গৈ থকা অৱস্থাত গোৱালগুলীত বনৰীয়া হাতীৰ এটা জাকে অতৰ্কিতে আক্ৰমণ চলায় বুলি জানিব পৰা গৈছে । 

স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি দুয়োগৰাকীয়ে প্ৰাণ ৰক্ষাৰ বাবে বাইক এৰি দৌৰিবলৈ চেষ্টা কৰিছিল । কিন্ত বন্য হস্তীৰ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষা নপৰিল দুয়োগৰাকীৰ । বনৰীয়া হাতীৰ আক্ৰমণত থিতাতে মৃত্যু ঘটে দুয়োগৰাকীৰ । আৰক্ষী আৰু বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় আৰু নিহত দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি লক্ষীপুৰ আৰক্ষী থানালৈ আনে । 

শনিবাৰৰ পুৱাৰ ভাগত নিহত দুয়োগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ।

লগতে পঢ়ক: বোকাখাতত বন্যহস্তীৰ আক্ৰমণত নিহত শ্ৰমিক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.