ভূৰেৰে নদী পাৰ হওঁতেই সলিল সমাধি ছাত্ৰৰ - 12 year old boy dies
🎬 Watch Now: Feature Video
দলগাঁও, ৯ জুলাই : খাৰুপেটীয়াৰ আৰিমাৰীত সংঘটিত হৈছে এক শোকাৱহ ঘটনা ৷ সোমবাৰে পানীত পৰি মৃত্যু হয় মাদ্ৰাছাত অধ্যয়নৰত এগৰাকী নাবালক ছাত্ৰৰ । মৃত ছাত্ৰজন খাৰুপেটীয়াৰ খেতাশ্বৰ গাঁৱৰ এছাক আলীৰ পুত্ৰ ফাৰুক আলী বুলি জানিব পৰা গৈছে ৷ সোমবাৰে বিয়লি খাৰুপেটীয়াৰ ৪ নং আৰিমাৰী হাফিজিয়া মাদ্ৰাছাৰ তিনিজন ছাত্ৰই এখন কলৰ ভূৰেৰে নদী পাৰ হ’বলৈ চেষ্টা কৰিছিল ৷ তেনেতে ভূৰৰ পৰা হঠাৎ পিছলি নদীত পৰি নিখোজ হয় ফাৰুক আলী ৷ লগে লগে SDRF, আৰক্ষী প্ৰশাসনৰ লগতে স্থানীয় লোকসকলে ফাৰুকক বিচাৰি নৈত অভিযান চলায় ৷ কিন্তু নিশা হোৱাৰ বাবে ছাত্ৰজনক উদ্ধাৰ কৰিবলৈ সক্ষম নহ’ল ৷
মঙলবাৰে পুৱাই পুনৰ অভিযানকাৰী দলে ফাৰুকক বিচাৰি নৈত অভিযান চলাই উদ্ধাৰ কৰিবলৈ সক্ষম হয় ছাত্ৰজনৰ মৃতদেহ । পৰিয়ালৰ লোকে উল্লেখ কৰা অনুসৰি, মৃত ছাত্ৰজনৰ বয়স ১২ বছৰ । বাতৰি লিখা পৰলৈকে লাভ কৰা তথ্য অনুসৰি, ঘটনাস্থলীৰ পৰা ইতিমধ্যে খাৰুপেটীয়া আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
লগতে পঢ়ক : বান পৰিস্থিতি সামান্য উন্নত: যোৱা ২৪ ঘণ্টাত ছজনৰ মৃত্যু, মৃতকৰ সংখ্যা ৭২ লৈ বৃদ্ধি - Assam Flood 2024