এম্বুলেন্সৰ ভিতৰত ৰোগীয়া কিশোৰীৰে অপকৰ্ম; আটক ১০৮ৰ চালক - Sipajhar molestation case

By ETV Bharat Assamese Team

Published : Aug 25, 2024, 2:11 PM IST

thumbnail
এম্বুলেন্সৰ ভিতৰত ৰোগীয়া কিশোৰীৰে অপকৰ্ম;আটক ১০৮ৰ চালক (ETV Bharat)

মঙলদৈ,২৫ আগষ্ট : ধিঙৰ ঘটনাক লৈ ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে আন কেইবাটাও অনুৰূপ ঘটনা পোহৰলৈ আহিছে । এইবাৰ ছিপাঝাৰত অতি জঘন্য ঘটনা সংঘটিত হৈছে । এম্বুলেন্সৰ ভিতৰত মাতৃৰ সন্মুখতে কিশোৰীৰ সৈতে অপকৰ্ম যুৱকৰ ! ছিপাঝাৰ প্ৰাথমিক আৰু সামূহিক স্বাস্থ্য কেন্দ্ৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা ।

জানিব পৰা মতে ভুক্তভোগী কিশোৰীগৰাকীক অসুস্থতাৰ বাবে নিশা ছিপাঝাৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল । চিকিৎসকে জিএমচিএইছলৈ প্ৰেৰণ কৰাৰ পৰামৰ্শ দিয়াত এখন এম্বুলেন্স ভাড়া কৰে । অভিযোগ অনুসৰি গুৱাহাটীলৈ অনাৰ যো-জো চলাই থকাৰ মাজতে এজন যুৱকে এম্বুলেন্সৰ ভিতৰত শুই থকা কিশোৰীগৰাকীৰ সৈতে অপকৰ্মত লিপ্ত হয় । ঘটনা সংঘটিত কৰি যুৱকজনে কৌশলেৰে পলায়ন কৰিবলৈ সক্ষম হয় ।

যুৱকজন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্সৰ চালক চামছুল হক বুলি জানিব পৰা গৈছে । কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে যুৱকজনক আটক কৰিছে । সম্প্ৰতি এই ঘটনাক লৈ দৰং জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । ছিপাঝাৰ ছাত্ৰ সন্থাই এই ঘটনাক গৰিহণা দিছে আৰু দোষীক কঠোৰ শাস্তিৰ দাবী তুলিছে ।

লগতে পঢ়ক :ৰাজ্যত ধিঙৰ দৰে সংঘটিত ঘটনাৰ আঁৰত কি ষড়যন্ত্ৰ আছে ? - Assam CM on Dhing rape case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.