ভয়ংকৰ পথ দুৰ্ঘটনা : ১ জন মৃত্যু, ৬ জন আহত - Road accident - ROAD ACCIDENT
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/17-06-2024/640-480-21728834-thumbnail-16x9-kazi.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Jun 17, 2024, 12:24 PM IST
তেজপুৰ, 17 জুন : শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা । ভালুকপুঙৰ পৰা বালিপৰাৰ অভিমুখে আহি থকা AS 12 E 9543 নম্বৰৰ টেম্পুখনে পথৰ দাঁতিত ৰখাই থোৱা এখন ট্ৰেক্টৰৰ পিচফালে খুন্দিওৱাৰ ফলত থিতাতে নিহত হয় টেম্পুখনত থকা এজন যুৱক । আনহাতে আহত হয় 6 জনকৈ আৰোহী ।
জানিব পৰা মতে, টেম্পুখনত থকা আৰোহীকেইজন ভালুকপুঙৰ পৰা বনভোজ খাই উভতি আহি আছিল । ইফালে, ট্ৰেক্টৰখনে অবৈধভাৱে বালি কঢ়িয়াই আনি আছিল বুলি জানিব পৰা গৈছে । মৃত যুৱকজনৰ নাম জোন কলিতা । ইফালে আহতকেইগৰাকী হৈছে গৌতম দাস, দীপাংকৰ দাস, লুকুমনি ডেকা, সুশীল বৰা, দিগন্ত দাস আৰু নয়নজ্যোতি দাস । আটাইকেইজনক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে পঢ়ক : গন্তব্যস্থান নাপালেগৈ, আদবাটতে যমে ভেটিলে বাট - Road accident