হায়দৰাবাদ: নৱবৰ্ষৰ পূৰ্বে ভোডাফোন ইণ্ডিয়াই ভাৰতত মুকলি কৰিছে 5G সেৱা ৷ এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি টেলিকম সেৱা প্ৰদানকাৰী কোম্পানীটোৱে বেংগালুৰু, চেন্নাই, কলকাতা, মুম্বাই, নতুন দিল্লীকে ধৰি দেশৰ 17টাকৈ স্থানত 5G সেৱা আৰম্ভ কৰিছে । জানুৱাৰী মাহত কোম্পানীটোৰ শীৰ্ষ কাৰ্যবাহী বিষয়াগৰাকীয়ে 6-7 মাহৰ ভিতৰত 5G ৰোলআউট আৰম্ভ হ’ব বুলি কোৱাৰ পিছতে এই সেৱা আৰম্ভ কৰা হৈছে । 17 খন ভিন্ন চহৰত এই সেৱা উপলব্ধ হোৱাৰ বিপৰীতে 5G সংযোগ কেৱল নিৰ্দিষ্ট অঞ্চলতহে উপলব্ধ বুলি কোৱা হৈছে ।
ভোডাফোন আইডিয়া (Vi)-এ 17 খন চহৰত আৰম্ভ কৰিছে 5G সেৱা
টেলিকমটকৰ এক প্ৰতিবেদন অনুসৰি, VI য়ে এতিয়া সমগ্ৰ ভাৰতৰ 17টা লাইচেন্সড চাৰ্ভিচ এলেকা (এল এছ এ)ত 5G অপাৰেচন আগবঢ়াইছে । বৰ্তমান মুকলি কৰাটো “ক্ষুদ্ৰ পৰিসৰৰ” বুলি কোৱা হৈছে, কিয়নো এই চহৰসমূহৰ ভিতৰত নিৰ্দিষ্ট স্থানত নেটৱৰ্ক উপলব্ধ ।
News update📣
— Vi_News (@ViNewsOfficial) December 17, 2024
We have successfully rolled out 5G services in accordance with MRO guidelines. A full-scale launch to all users is part of our roadmap, and we will share more details at an appropriate time.
প্ৰতিবেদন অনুসৰি Vi এ 3.3GHz আৰু 26GHz স্পেকট্ৰম দুয়োটাতে 5G স্থাপন কৰিছে । তদুপৰি এই সেৱা প্ৰিপেইড আৰু পোষ্টপেইড ব্যৱহাৰকাৰী দুয়োটাৰে বাবে উপলব্ধ বুলি কোৱা হৈছে । একাংশ ব্যৱহাৰকাৰীয়ে নিজৰ হেণ্ডছেটত 5G সেৱা সক্ৰিয় কৰাৰ স্ক্ৰীণশ্বটও শ্বেয়াৰ কৰিছে ।
#Vi5G is here
— Abhinav Dhiman (@SparkRadar) December 16, 2024
It's On NSA
Location: Supreme court metro station, Delhi pic.twitter.com/sn7szj0TQq
মূল্যৰ প্ৰসংগত টেলিকম অপাৰেটৰটোৱে উল্লেখ কৰিছে যে প্ৰিপেইড ব্যৱহাৰকাৰীয়ে 5G সংযোগ কৰিবলৈ 475 পেকৰ ৰিচাৰ্জ কৰিব লাগিব । আনহাতে, পোষ্টপেইড ব্যৱহাৰকাৰীসকলে REDX 1101 প্লেন নিৰ্বাচন কৰিব লাগিব ।
স্থান | 5g সেৱা উপলব্ধ এলেকা |
ৰাজস্থান | জয়পুৰ (গেলাক্সি চিনেমাৰ ওচৰত, মনছাৰোভাৰ ঔদ্যোগিক এলেকা, ৰিআইচিঅ') |
হাৰিয়ানা | কৰ্ণাল (HSIIDC, ঔদ্যোগিক এলেকা, খণ্ড-3) |
কলকাতা | ছেক্টৰ ভি, ছল্ট লেক |
কেৰেলা | থ্ৰিক্কাকাৰা, কক্কানাড |
ইউ পি ইষ্ট | লক্ষ্ণৌ (বিভূতি খাণ্ড, গোমতীনগৰ) |
ইউ পি পশ্চিম আগ্ৰা | (জে.পি. হোটেলৰ ওচৰত, ফাতেহাবাদ পথ) |
মধ্য প্ৰদেশ | ইন্দোৰ (ইলেক্ট্ৰনিক কমপ্লেক্স, পৰদেশীপুৰা) |
গুজৰাট | আহমেদাবাদ (দিব্য ভাস্কৰৰ ওচৰত, কৰ্পৰেট ৰোড, মকাৰবা, প্ৰহ্লাদনগৰ) |
তেলেংগানা | হায়দৰাবাদ (আইদা উপল, ৰঙা ৰেড্ডী) |
পশ্চিম বংগ | শিলিগুৰি (চিটি প্লাজা চেভোক ৰোড) |
বিহাৰ | পাটনা (অনিশাবাদ গোলাম্বাৰ) |
মুম্বাই | ৱৰ্লি, মৰল আন্ধেৰী ইষ্ট |
কৰ্ণাটক | বেংগালুৰু (ডেইৰী চাৰ্কল) |
পঞ্জাৱ | জলন্ধৰ (কোট কলন) |
তামিলনাডু | চেন্নাই (পেৰুংগুডি, নেছাপাক্কাম) |
মহাৰাষ্ট্ৰ | পুনে (শিৱাজী নগৰ) |
দিল্লী | ওখলা ঔদ্যোগিক এলেকা (পৰ্যায় ২), ইণ্ডিয়া গেট, প্ৰগতি ময়দান |
ভোডাফোন ইণ্ডিয়াৰ মতে, Vi-এ বিহাৰত 26GHz বেণ্ড বা N258 বেণ্ড ৰোল আউট কৰা নাই । তালিকাভুক্ত আন সকলো চক্ৰতে এই স্পকট্ৰাম নিয়োগ কৰা বুলি কোৱা হৈছে ।