নেশ্যনেল ডেস্ক, ৮ এপ্ৰিল : বছৰৰ প্ৰথমটো পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণে উত্তৰ আমেৰিকাৰ আকাশ আকৰ্ষণীয় কৰি তুলিব । ৮ এপ্ৰিল অৰ্থাৎ আজি দিনৰ আকাশ নিশাৰ দৰে কৰি তুলিব । ই এক মহাজাগতিক ঘটনা । সমগ্ৰ বিশ্ব এই বিশেষ মুহূৰ্তৰ অপেক্ষাত আছে ।
সূৰ্যগ্ৰহণ কি ?
যেতিয়া সূৰ্য আৰু পৃথিৱীৰ মাজেৰে চন্দ্ৰ পাৰ হৈ যায় আৰু সূৰ্য সম্পূৰ্ণৰূপে ঢাক খায় । তেতিয়াই সূৰ্যগ্ৰহণ হয় । এই বেণ্ডটোৰ ভিতৰত থকা লোকসকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পাৰে বা দৃশ্যমান হয় । যদি বতৰ আৰু ডাৱৰ মুকলি হৈ থাকে আকাশখন পুৱা বা সন্ধিয়াৰ দৰে অন্ধকাৰ হৈ যায় ।
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ সময়
৮ এপ্ৰিলত, পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ আমেৰিকা, মেক্সিকো, কানাডা আৰু ১৮ খন আমেৰিকাৰ ৰাজ্য অতিক্ৰম কৰিব । অৱশ্যে পূৰ্ণগ্ৰাস গ্ৰহণ ভাৰতত দৃশ্যমান নহয় । পূৰ্ণগ্ৰাস গ্ৰহণ ৮ এপ্ৰিলত ভাৰতীয় স্থানীয় সময় অনুসৰি নিশা ০৯.১২ বজাত আৰম্ভ হ'ব । সূৰ্যগ্ৰহণ প্ৰায় ডেৰ ঘণ্টা ধৰি চলিব আৰু ভাৰতীয় সময়মতে ৯ এপ্ৰিলৰ পুৱা ২.২২ বজাত সমাপ্ত হ'ব ।
- " class="align-text-top noRightClick twitterSection" data="">
মেক্সিকোৰ প্ৰশান্ত মহাসাগৰীয় উপকূলে স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ১১.০৭ বজাত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহ গ্ৰহণৰ প্ৰথম আভাস পাব । গ্ৰহণটোৱে পুৱা প্ৰায় ১.৩০ বজাত মেইনৰ উপকূল এৰিব ।
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণৰ ম্যাদ
এই পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰায় আঢ়ৈ ঘণ্টা ধৰি থকিব । কিন্তু পূৰ্ণগ্ৰাস মাত্ৰ ৪ মিনিট হে থাকিব । নাছাৰ মতে, সূৰ্যগ্ৰহণ ৪ মিনিট ২৭ ছেকেণ্ডলৈকে চলিব বুলি আশা কৰা হৈছে ।
ভাৰতীয়সকলে পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কেনেকৈ চাব পাৰিব ?
সূৰ্যগ্ৰহণ ভাৰতত দৃশ্যমান নহ'ব । মহাজাগতিক ঘটনাৰ লাইভ ষ্ট্ৰীমিং নাছাৰ দ্বাৰা কৰা হ'ব আৰু ৮ এপ্ৰিলৰ নিশা ১০.৩০ বজাৰ পৰা ৯ এপ্ৰিলৰ পুৱা ১.৩০ বজালৈ লাইভ কৰা হ'ব । লাইভ ষ্ট্ৰীমত নাছা আৰু আন ঠাইৰ বিশেষজ্ঞসকলৰ সৈতে বাৰ্তালাপৰ লগতে ইয়াৰ পথৰ কেইবাটাও স্থানৰ পৰা গ্ৰহণৰ দূৰবীণ দৃশ্য প্ৰদৰ্শন কৰা হ'ব ।
গ্ৰহণৰ সময়ত, ছাউণ্ডিং ৰকেটবোৰ ভাৰ্জিনিয়াৰ ৱালপচ দ্বীপৰ পৰা উৎক্ষেপণ কৰা হ'ব । ইয়াক আয়নোস্ফিয়াৰলৈ উৎক্ষেপণ কৰা হ'ব ।
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ কিয় বিৰল ?
পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ প্ৰত্যক্ষ কৰিব পৰা স্থান বিচাৰি উলিওৱা এক লজিষ্টিক প্ৰত্যাহ্বান । কিয়নো পৃথিৱী পৃষ্ঠৰ প্ৰায় ৭০ শতাংশতকৈও অধিক স্থান আৱৰি আছে মহাসাগৰে । ফলস্বৰূপে, এনে ঘটনাবোৰ প্ৰায়ে দূৰৱৰ্তী স্থানত সংঘটিত হয় ৷ যাৰ ফলত ইয়াৰ প্ৰতি আকৰ্ষণ আৰু ৰহস্য বৃদ্ধি হয় ।
লগতে পঢ়ক :৮ এপ্ৰিলত পূৰ্ণগ্ৰাস সূৰ্যগ্ৰহণ, ভাৰতৰ পৰা দৃশ্যমান হ'ব নে ? - Solar Eclipse Of 2024