নিউজ ডেস্ক, 3 ছেপ্টেম্বৰ: তথ্য-প্ৰযুক্তিৰ এই যুগত স্মাৰ্টফোন ব্যৱহাৰ কৰাটো কেৱল এটা অভ্যাস নহয় বৰঞ্চ এক প্ৰয়োজনীয়তাও হৈ পৰিছে । এই স্মাৰ্টফোন ব্যৱহাৰৰ ক্ষেত্ৰত সচৰাচৰ সন্মুখীন হোৱা এটা ডাঙৰ সমস্যা হ’ল হঠাতে ফোনটো গৰম হৈ পৰা ৷ এই লক্ষণৰ প্ৰতি সকলোৱে সচেতন হোৱা দৰকাৰ অন্যথা অজানিতে স্মাৰ্টফোনটো ক্ষতিগ্ৰস্ত হ’ব পাৰে ৷ অৱশ্যে বহু স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে নাজানে স্মাৰ্টফোনটো গৰম হ’লে কি কৰিব লাগে ? আপুনি জানেনে যে স্মাৰ্টফোনৰ Settings ত অলপ সাল-সলনি কৰিলেই এই সমস্যাৰ পৰা মুক্তি পাব পাৰি -
ব্লুটুথ বন্ধ ৰাখক
স্মাৰ্টৱাচ আৰু ব্লুটুথ ইয়াৰবাড ব্যৱহাৰ কৰা লোকসকলে প্ৰায়ে ডিভাইচৰ সৈতে সংযুক্ত কৰি ৰাখে । দীৰ্ঘদিন ধৰি ব্লুটুথ অন কৰিলেও ডিভাইচটোৰ বেটাৰীটোৱে কষ্ট পায় ৷ এনে পৰিস্থিতিত যদি স্মাৰ্টফোনটো গৰম হৈ পৰে তেন্তে কিছু সময়ৰ বাবে ব্লুটুথ বা অন্যান্য বিকল্প সংযোগসমূহ বন্ধ কৰি দিয়ক । ইয়াৰ ফলত ডিভাইচটোত থকা এপবোৰ কিছু সময়ৰ বাবে বন্ধ হৈ থাকিব ৷
ফোনৰ স্ক্ৰীনখনৰ উজ্জ্বলতা কম কৰক
গ্ৰীষ্মকালত স্মাৰ্টফোনৰ ডিছপ্লেখন অধিক উজ্জ্বলকৈ ৰাখিলেও গৰম হ’ব পাৰে ৷ স্মাৰ্টফোনটো শীতল কৰি ৰাখিবলৈ ডিছপ্লেৰ উজ্জ্বলতা কম কৰিব পাৰে । লগতে ঘৰত থকাৰ সময়ত উজ্জ্বলতা কম ৰখাটো স্বাস্থ্যৰ বাবে ভাল ৷
ফ্লাইট মোড অন কৰক
যদি স্মাৰ্টফোনটো হঠাতে গৰম হোৱা যেন অনুভৱ হয়, তেন্তে লগে লগে এয়াৰপ্লেন (ফ্লাইট) মোড অন কৰিব লাগে । বহু সময়ত বেকগ্ৰাউণ্ডত এপ চলি থকাৰ সময়তো স্মাৰ্টফোনটো গৰম হৈ পৰে । বেকগ্ৰাউণ্ডত অপ্ৰয়োজনীয় এপ চলালে মোবাইল ডাটাও অপচয় হয় ৷ সেয়ে কাম শেষ হ’লে এপটো বন্ধ কৰি দিয়াটো ভাল এই ক্ষেত্ৰত কিছু সময়ৰ বাবে আপোনাৰ ফোনটো ফ্লাইট মোডত ৰাখিলে আপোনাৰ ডাটা চেভ হ’ব আৰু ফোনটো গৰম নহ’ব । কিছু সময়ৰ পিছত ফোনটোৰ তাপমাত্ৰা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব ।
চাৰ্জিঙৰ পৰা সাৱধান
বহু লোকৰ ফোনটো দীৰ্ঘ সময় ধৰি চাৰ্জ কৰি ৰখাৰ অভ্যাস আছে । ফোনটো গৰম হ’লে লগে লগে ফোনটো চাৰ্জ কৰা বন্ধ কৰি দিব লাগে । লগতে কোনো চাৰ্জাৰ ব্যৱহাৰ নকৰাটো ভাল । চাৰ্জিঙৰ ক্ষেত্ৰত অসাৱধান হোৱাটো ঠিক নহয় । প্ৰয়োজন হ’লে ফোনটো চাৰ্জ কৰি থকাৰ সময়ত ব্যৱহাৰ বন্ধ কৰাটো উচিত ।
বেটাৰী চেভিং মোড
বহু স্মাৰ্টফোন বেটাৰী চেভিং মোড প্ৰদান কৰে । গতিকে এই ধৰণটো ব্যৱহাৰ কৰা উচিত লগতে, যদি আপোনাৰ ফোনত বেটাৰী চেভিং মোড উপলব্ধ, আপুনি ইয়াক অন কৰি ৰাখিব পাৰে ফোনটো অভাৰলোড নোহোৱাৰ সম্ভাৱনা বেছি ।