ETV Bharat / technology

টাটা নেক্সন ইভিত অগ্নিকাণ্ড; গ্ৰাহকক 16.95 লাখ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ টাটা মটৰছক - Nexon EV Fire incident

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Nexon EV Fire Case in Hyderabad : টাটা নেক্সন ইভিৰ অগ্নিকাণ্ডৰ গোচৰত গ্ৰাহক আদালতে অভিযোগকাৰীক ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কৰিছে টাটা মটৰছক । আদালতে টাটা মটৰছৰ গাড়ীৰ মালিকক 16.95 লাখ টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিয়ে । প্ৰকৃত ঘটনাটো কি ?

Etv Bharat
গ্ৰাহকক 16.95 লাখ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ টাটা মটৰছক (X)

নিউজ ডেস্ক, 27 ছেপ্টেম্বৰ: শেহতীয়াকৈ হায়দৰাবাদৰ জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে টাটা মটৰছৰ এজন গ্ৰাহকক ত্ৰুটিপূৰ্ণ নেক্সন ইলেক্ট্ৰিক বাহন (ইভি) বিক্ৰী কৰাৰ বাবে 16.95 লাখ টকা ঘূৰাই দিবলৈ নিৰ্দেশ দিছে । অভিযোগকাৰীক বিক্ৰী কৰা EV গাড়ীখনৰ নিৰ্মাণৰ সময়ত থকা বিসংগতিৰ বাবে গাড়ীখন চলাওঁতে জুই লাগিছিল বুলি আয়োগৰ ওচৰত অভিযোগ দাখিল কৰিছিল ভুক্তভোগীয়ে । আয়োগে লক্ষ্য কৰে যে ৰাজ্যিক অগ্নিনিৰ্বাপক সেৱা বিভাগে গাড়ীখনৰ জুইৰ আঁৰৰ কাৰণ ইয়াৰ ‘বৈদ্যুতিক উৎপত্তি’ বুলি উল্লেখ কৰিছে ।

অভিযোগকাৰীৰ মন্তব্য

  1. অভিযোগকাৰী জনাথন ব্ৰেইনাৰ্ডে 2022 চনৰ মে’ মাহত 16.95 লাখ টকাৰে গাড়ীখন ক্ৰয় কৰিছিল । কিন্তু কিনাৰ কেইমাহমান পিছত গাড়ীখন চলাই থাকোঁতে এটা ডাঙৰ বিস্ফোৰণ ঘটি গাড়ীখনত জুই লাগিল ।
  2. ব্ৰেইনাৰ্ডে কয় যে সেই সময়ত তেওঁ নিজৰ গাড়ীখন 38 কিলোমিটাৰ প্ৰতি ঘণ্টাত চলাইছিল ।
  3. 2023 চনৰ 1 জুনৰ দিনা গাড়ীখনত বৃহৎ শব্দ হয় আৰু গাড়ীখন জুই লাগিছিল ।
  4. জুই দ্ৰুতগতিত বিয়পি পৰাৰ লগে লগে গাড়ীৰ দুৱাৰবোৰ বন্ধ হৈ পৰে ।
  5. লগে লগে গাড়ীৰ পৰা নামি ব্ৰেইনাৰ্ডে প্ৰাণ ৰক্ষা কৰিলে ।
  6. সেই সময়ত তেওঁ কাষৰ দুৱাৰৰ পৰা ওলাই আহি নিজৰ জীৱন ৰক্ষা কৰিলে ।
  7. এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল ।
  8. এই ঘটনাৰ পিছত টাটা মটৰছৰ বিৰুদ্ধে ব্ৰেইনাৰ্ডে কনজিউমাৰ কোৰ্টত গোচৰ ৰুজু কৰে ।
  9. অভিযোগত গাড়ীখনৰ মালিকে দাবী কৰিছে যে কাৰিকৰী সমস্যাৰ বাবেই এই ঘটনা সংঘটিত হৈছে ।

বেটাৰীৰ সমস্যা:

  • গাড়ীখনৰ বেটাৰী দ্ৰুতগতিত নোহোৱা হৈ পৰিছিল বুলি ব্ৰেইনাৰ্ডে অভিযোগ দাখিল কৰিছিল ।
  • একে সময়তে গাড়ীখন 18 শতাংশ চাৰ্জ থকাৰ পিছতো ষ্টাৰ্ট নহয় ।
  • তেওঁ কয় যে চাৰ্ভিচ চেণ্টাৰত গাড়ীখন দেখুৱাওঁতে গাড়ীখনৰ এইচ ভি বেটাৰী ভাঙি যোৱা বুলি জনাইছিল ।
  • কিন্তু গাড়ীৰ মালিকে অভিযোগ কৰে যে নতুনৰ সলনি পুৰণি নৱীকৰণ কৰা বেটাৰী গাড়ীখনত সংস্থাপন কৰা হৈছে ।

16.95 লাখ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ

গোচৰৰ শুনানি গ্ৰহণ কৰা হায়দৰাবাদৰ গ্ৰাহক আদালতে গাড়ীৰ মালিকক গাড়ীৰ সম্পূৰ্ণ মূল্য অৰ্থাৎ 16.95 লাখ টকা টাটা মটৰছক প্ৰদানৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক: Tata Punch ৰ নতুন মডেল মুকলি; দাম, বৈশিষ্ট্য - Tata Punch Launched

উৎসৱৰ বতৰত পছন্দৰ দুচকীয়াখন ক্ৰয় কৰক আৰু লাভ কৰক 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই - Festival Cars Offers

টাটা নেক্সন চি এন জি সংস্কৰণত উপলব্ধ হ’ব দুটাকৈ গিয়াৰবক্স - Tata Nexon CNG

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.