ETV Bharat / technology

টাটা ইলেক্ট্ৰনিকছৰ ফেক্টৰীত অগ্নিকাণ্ড; বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা - Fire Breaks Out At Tata Electronics - FIRE BREAKS OUT AT TATA ELECTRONICS

Tata Electronics In Tamil Nadu : তামিলনাডুৰ হোছুৰত টাটা ইলেক্ট্ৰনিকছৰ ফেক্টৰীত অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা নাই । বৃহৎ পৰিমাণৰ সম্পত্তিৰ ক্ষয়-ক্ষতি । বৰ্তমান অগ্নিনিৰ্বাপক বাহিনী গাড়ীসমূহে জুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা চলাইছে ।

Etv Bharat
টাটা ইলেক্ট্ৰনিকছৰ ফেক্টৰীত অগ্নিকাণ্ড; বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা (ETV Bharat)
author img

By ETV Bharat Tech Team

Published : Sep 28, 2024, 5:06 PM IST

নিউজ ডেস্ক, 28 ছেপ্টেম্বৰ: 28 ছেপ্টেম্বৰ শনিবাৰে তামিলনাডুৰ হোছুৰত টাটা ইলেক্ট্ৰনিকছৰ ফেক্টৰীত এক বৃহৎ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । প্ৰাথমিক খবৰ অনুসৰি চেলফোন নিৰ্মাণ বিভাগত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটা এলেকাটোৰ পৰা ফেক্টৰীটোৰ কৰ্মচাৰীসকলক উলিয়াই অনা হৈছে বুলি জানিব পৰা গৈছে ।

সা-সম্পত্তিৰ ক্ষতি: অগ্নিকাণ্ডৰ ফলত সা-সম্পত্তিৰ ব্যাপক ক্ষতি হোৱাৰ লগতে বৰ্তমান অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলাইছে । আনহাতে স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি পুৱা 5.30 বজাত নাগামংগলমৰ সমীপৰ উদনাপল্লীত কোম্পানীটোৰ মোবাইল ফোন এক্সেচৰিজ পেইণ্টিং ইউনিটত অগ্নিকাণ্ড সংঘটিত হয় । কিছু সময়ৰ ভিতৰতে সমগ্ৰ অঞ্চলটোত জুই বিয়পিবলৈ ধৰে । ইয়াৰ পাচতেই কৰ্মচাৰী আৰু স্থানীয় নাগৰিকৰ মাজত আতংক বিয়পি পৰে ।

ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ: অগ্নিকাণ্ডৰ বিষয়ে অৱগত হোৱাৰ লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ কেবাখনো বাহন উক্ত স্থানত উপস্থিত হয় । অগ্নিনিৰ্বাপক বাহিনীৰ দলটোৱে গোটেইকেইজন কৰ্মচাৰীক সুৰক্ষিত স্থানলৈ উলিয়াই আনে । বাতৰি লিখাৰ পৰলৈকে কোনো লোক আহত হোৱাৰ খবৰ পোৱা নাই । জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত 1500 কৰ্মচাৰী কৰ্তব্যৰত হৈ আছিল বুলি জানিব পৰা গৈছে । অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই । টাটা ইলেক্ট্ৰনিকছ প্ৰাইভেট লিমিটেডৰ মুখপাত্ৰই সকলো কৰ্মচাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে জৰুৰীকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখপাত্ৰগৰাকীয়ে জনায় । সকলোকে নিৰাপদ স্থানলৈ লৈ যোৱা হয় । অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত তদন্ত অব্যাহত আছে ।

শ্বাস-প্ৰশ্বাসজনিত সমস্যা: একে সময়তে স্থানীয় আৰক্ষী বিষয়াসকলে জনোৱা মতে, খালী কৰাৰ সময়ত তিনিজন কৰ্মচাৰী শ্বাস-প্ৰশ্বাসজনিত সমস্যাত ভুগিছিল । এই অৱস্থাত তিনিওজনকে ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হয় ৷ বৰ্তমান তেওঁলোকৰ অৱস্থা সুস্থিৰ । জ্যেষ্ঠ বিষয়াসকলে জনোৱা মতে, পৰিস্থিতি চম্ভালিবলৈ এশৰো অধিক আৰক্ষী জোৱান নিয়োগ কৰা হৈছে ।

লগতে পঢ়ক: টাটা নেক্সন ইভিত অগ্নিকাণ্ড; গ্ৰাহকক 16.95 লাখ টকা ঘূৰাই দিয়াৰ নিৰ্দেশ টাটা মটৰছক - Nexon EV Fire incident

উৎসৱৰ বতৰত পছন্দৰ দুচকীয়াখন ক্ৰয় কৰক আৰু লাভ কৰক 45 হাজাৰ টকা পৰ্যন্ত ৰেহাই - Festival Cars Offers

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.