ETV Bharat / technology

ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল iPhone 16; এপলৰ বিৰুদ্ধে ক্ষুব্ধ ইণ্ডোনেছিয়া চৰকাৰ

iPhone 16 banned in Indonesia: ইণ্ডোনেছিয়াত নিষিদ্ধ ঘোষিত হ’ল আইফোন 16 ছিৰিজ । ইণ্ডোনেছিয়া চৰকাৰে গ্ৰহণ কৰিছে এই চাঞ্চল্যকৰ সিদ্ধান্ত ।

indonesia-bans-iphone-16-declares-its-use-illegal-over-apples-unfulfilled-commitments
ইণ্ডোনেছিয়াত নিষিদ্ধ হ’ল iPhone 16; এপলৰ বিৰুদ্ধে ক্ষুব্ধ ইণ্ডোনেছিয়া চৰকাৰ (Apple)
author img

By ETV Bharat Tech Team

Published : Oct 26, 2024, 1:04 PM IST

হায়দৰাবাদ: শেহতীয়াকৈ বজাৰত মুকলি হৈছে এপলৰ আইফোন 16 ছিৰিজ । সমগ্ৰ বিশ্বজুৰি এই ফোনটোৰ প্ৰতি গ্ৰাহকৰ উন্মাদনা পৰিলক্ষিত হৈছিল ৷ সদৃশ দৃশ্য ভাৰততো ৷ দিল্লী, মুম্বাইৰ দৰে দেশৰ বহু আগশাৰীৰ চহৰত এই ফোনটো ক্ৰয় কৰিবলৈ গোটেই ৰাতি গ্ৰাহকে শাৰী পতা দেখিবলৈ পোৱা গৈছিল । কিন্তু ইণ্ডোনেছিয়াই এপল আইফোন তেওঁলোকৰ দেশত নিষিদ্ধ কৰিছে । লগতে আইফোন 16 ছিৰিজক অবৈধ বুলি ঘোষণা কৰিছে । ইণ্ডোনেছিয়াই আইফোন 16 ৰ বিক্ৰী তৎকালীনভাৱে বন্ধ কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

কিয় এই নিষেধাজ্ঞা

ইণ্ডোনেছিয়া চৰকাৰে হঠাৎ লোৱা সিদ্ধান্তৰ আঁৰৰ কাৰণ জানিব পৰা গৈছে । "এপল কোম্পানীয়ে কিছুমান চৰ্ত আৰু নিৰ্দিষ্ট পৰিমাণৰ সৈতে ইণ্ডোনেছিয়াত বিনিয়োগ কৰিবলৈ সন্মত হৈছিল, কিন্তু এই বিনিয়োগৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে এই বিনিয়োগ নিষিদ্ধ কৰা হৈছে" - ইণ্ডোনেছিয়াৰ উদ্যোগ মন্ত্ৰী আগুছ গুমিৱাং কাৰ্তাছাস্মিতাই মঙলবাৰে এই ঘোষণা কৰে ৷

দেশখনত আইফোন বিক্ৰী নিষিদ্ধ কৰাৰ লগতে নাগৰিকসকলক বিদেশৰ পৰাও ডিভাইচটো ক্ৰয় নকৰিবলৈ সকীয়নি প্ৰদান কৰা হৈছে ।

টিকেডিএন প্ৰমাণপত্ৰ বৃদ্ধিৰ অপেক্ষাত: কোম্পানীটোৱে ইণ্ডোনেছিয়াত 1.71 ট্ৰিলিয়ন টকাৰ 1.48 ট্ৰিলিয়ন (95 মিলিয়ন ডলাৰ) বিনিয়োগ কৰিছে । যিটো মুঠ নিৰ্ধাৰিত পৰিমাণতকৈ কম । ইয়াৰ উপৰিও উদ্যোগ মন্ত্ৰীগৰাকীয়ে কয়, "এপলৰ আইফোন 16 বৰ্তমান ইণ্ডোনেছিয়াত বিক্ৰীৰ অনুমতি দিয়া হোৱা নাই কাৰণ টিকেডিএন প্ৰমাণপত্ৰৰ সময়সীমা বৃদ্ধি এতিয়াও বাকী আছে । কোম্পানীটোৰ অধিক বিনিয়োগও বাকী আছে ।" এপলৰ শীৰ্ষ কাৰ্যবাহী বিষয়া টিম কুকে এপলে ইণ্ডোনেছিয়াত গৱেষণা আৰু উন্নয়নৰ সুবিধা স্থাপনৰ কথা চিন্তা কৰিছে বুলি জনায় । জাকাৰ্টাত অনুষ্ঠিত এখন বৈঠকত তেওঁ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ সৈতে সম্ভাৱ্য উৎপাদন পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে ।

চুক্তি নমনা বুলি এপলৰ বিৰুদ্ধে উঠা অভিযোগ আশ্চৰ্যকৰ । কাৰণ যেতিয়া টিম কুক ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে মত বিনিময় কৰিছিল, তেতিয়া এই ভ্ৰমণ অতি সফল হৈছিল বুলি বাতৰি প্ৰকাশ পাইছিল । বৈঠকৰ অন্তত কুকে ইণ্ডোনেছিয়াত এটা উৎপাদন কাৰখানা স্থাপনৰ বিষয়েও আলোচনা কৰিছিল । এতিয়া চৰকাৰৰ এই সিদ্ধান্তই কোম্পানীটোক প্ৰভাৱিত কৰিব পাৰে ।

উল্লেখ্য যে, এপল আইফোন 16 ছিৰিজ অতি জনপ্ৰিয় । এইবাৰৰ 16 ছিৰিজত বহু আকৰ্ষণীয় বৈশিষ্ট্যও সংযোজন কৰিছে কোম্পানীটোৱে ।

লগতে পঢ়ক: iPhone 16 ক্ৰয় কৰিবলৈ 21 ঘণ্টা শাৰী পাতিলে আইফোন প্ৰেমীয়ে - Huge crowds in Apple stores

বিশ্বৰ বজাৰত মুকলি iPhone 16 : কোন দেশত কিমান দাম ? - iPhone 16 Series Price

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.