ETV Bharat / technology

ওড়িশাৰ আব্দুল কালাম দ্বীপত অগ্নি-4 বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ - Agni 4 ballistic missile

author img

By ETV Bharat Tech Team

Published : Sep 7, 2024, 4:29 PM IST

Agni-4 ballistic missile successfully test: শুকুৰবাৰৰ নিশা আব্দুল কালাম দ্বীপৰ পৰা অগ্নি-4 ক্ষেপণাস্ত্ৰৰ পৰীক্ষা কৰা হয় । আব্দুল কালাম দ্বীপৰ 4 নং লঞ্চ পেডৰ পৰা সন্ধিয়া 7.55 বজাত নিক্ষেপ কৰা হয় অগ্নি-4 ক্ষেপণাস্ত্ৰ ।

India successfully tests Agni-4 ballistic missile off Odisha coast
ওড়িশা দ্বীপত অগ্নি-4 বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ (ETV Bharat)

নিউজ ডেস্ক, 7 ছেপ্টেম্বৰ: ভাৰতে ওড়িশাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা নিজৰ ইণ্টাৰমিডিয়েট ৰেঞ্জ বেলিষ্টিক মিছাইল অগ্নি-4 উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰে । আব্দুল কালাম দ্বীপৰ 4 নং লঞ্চ পেডৰ পৰা নিশা 7.55 বজাত নিক্ষেপ কৰা হয় থলুৱাভাৱে নিৰ্মিত এই ক্ষেপণাস্ত্ৰ । এই ক্ষেপণাস্ত্ৰৰ ৰেঞ্জ 4 হাজাৰ কিলোমিটাৰ ।

মন্ত্ৰণালয়ৰ এগৰাকী বিষয়াই কয়, ‘ওড়িশাৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জৰ পৰা এই উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰা হৈছে । এই উৎক্ষেপণে সকলো কাৰ্যকৰী আৰু কাৰিকৰী পৰিমাপ সফল বুলি প্ৰমাণ কৰে ।"

বিষয়াগৰাকীয়ে লগতে কয়, ‘ষ্ট্ৰেটেজিক ফৰ্চ কমাণ্ডৰ তত্বাৱধানত এই উৎক্ষেপণ সফলতাৰে সম্পন্ন কৰা হয় ।"

ইয়াৰ পূৰ্বে সম্পন্ন হৈছিল Prithvi-2 ক্ষেপণাস্ত্ৰৰ পৰীক্ষণ

ইয়াৰ পূৰ্বে আব্দুল কালাম দ্বীপৰ পৰা Prithvi-2 ক্ষেপণাস্ত্ৰ পৰীক্ষা কৰা হৈছিল । ধামৰাৰ সমীপৰ আব্দুল কালাম দ্বীপৰ পৰা চণ্ডীপুৰ সংহত ক্ষেপণাস্ত্ৰ পৰীক্ষা কেন্দ্ৰৰ 3 নং লঞ্চপেডৰ পৰা পৃথ্বী-2 ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছিল । থলুৱা প্ৰযুক্তিৰে নিৰ্মিত, এই ইন্টাৰচেপ্টৰ মিছাইলে নিখুঁতভাৱে লক্ষ্যত আঘাত কৰে । যোৱা জুলাই মাহত ইয়াৰ পৰীক্ষা কৰা হৈছিল । ইয়াৰ বাবে চণ্ডীপুৰৰ উপকূলীয় অঞ্চলৰ পৰা 10 হাজাৰৰো অধিক লোকক উচ্ছেদ কৰা হয় ।

এই পৰীক্ষাৰ বাবে বালেশ্বৰৰ বিভিন্ন অঞ্চলৰ পৰা মানুহক স্থানান্তৰ কৰা হৈছিল । ইয়াৰ বাবে চৰকাৰে লোকচানৰ ক্ষতিপূৰণৰ কথাও ঘোষণা কৰে । গাঁওবাসীক স্থানান্তৰিত কৰাৰ সময়ত প্ৰাপ্তবয়স্কক 300 টকা আৰু নাবালকক 150 টকা ক্ষতিপূৰণ দিয়া হৈছিল । ইয়াৰ পূৰ্বে কল ডিভাইচৰ সহায়ত মানুহক সতৰ্ক কৰি দিয়া হৈছিল । প্ৰশাসনে নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি ৰাইজক সতৰ্ক কৰি দিয়ে ।

লগতে পঢ়ক: অগ্নি ১ বেলিষ্টিক মিছাইলৰ সফল প্ৰশিক্ষণমূলক উৎক্ষেপণ

Agni Prime Ballistic Missile : অগ্নি প্ৰাইম বেলিষ্টিক মিছাইলৰ ওড়িশা উপকূলত সফল পৰীক্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.