ETV Bharat / technology

শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব ভাঁজ কৰিব পৰা স্মাৰ্টফোন - Tri Fold Smartphone - TRI FOLD SMARTPHONE

Foldable mobile phones: আপোনাৰ হাতত থকা স্মাৰ্টফোনটো যদি আপুনি বিচৰা মতে ভাঁজ লগাব পাৰে কিমান ভাল লাগিব নহয় জানো ? গ্ৰাহকৰ চাহিদা অনুসৰি শীঘ্ৰেই বজাৰত উপলব্ধ হ’ব ভাঁজ কৰিব পৰা স্মাৰ্টফোনটো ৷ ফোনটোৰ দাম, বৈশিষ্ট্য আদি জানিবলৈ পঢ়ক আমাৰ বিস্তৃত প্ৰতিবেদন---

Etv Bharat
ভাঁজ কৰিব পৰা স্মাৰ্টফোন (BT)
author img

By ETV Bharat Tech Team

Published : Sep 6, 2024, 3:21 PM IST

নিউজ ডেস্ক, 6 ছেপ্টেম্বৰ: তথ্য-প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে বজাৰত উপলব্ধ হৈছে বিভিন্ন স্মাৰ্টফোন ৷ মানুহৰ ইচ্ছা-ৰুচিৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি বজাৰত উপলব্ধ হৈছে বিভিন্ন ধৰণৰ মোবাইল ৷ গ্ৰাহকৰ পছন্দ আৰু ৰুচি অনুসৰি স্মাৰ্টফোনবোৰ ডিজাইন কৰি বজাৰত মুকলি কৰে প্ৰস্তুতকৰ্তা কোম্পানীবোৰে । বৰ্তমান বজাৰত ভাঁজ কৰিব পৰা মোবাইল ফোনৰ চাহিদা বৃদ্ধি হোৱা দেখা গৈছে । ইয়াৰ লগে লগে বহু কোম্পানীয়ে এই ধৰণৰ স্মাৰ্টফোনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । এই পৰিপ্ৰেক্ষিতত Huawei এ ঘোষণা কৰিছে যে তেওঁলোকে অতি সোনকালে প্ৰথমটো ট্ৰাই-ফোল্ডেবল স্মাৰ্টফোন মুকলি কৰিব ।

কোম্পানীটোৰ চিইঅ’ ৰিচাৰ্ডে জনোৱা মতে, এই স্মাৰ্টফোনটো Huawei Mate XT নামেৰে মুকলি কৰা হ’ব । কিন্তু টেকন’ কোম্পানীটোৱে ইতিমধ্যে এই ছেগমেণ্টত এটা মোবাইল মুকলি কৰাৰ কথা ঘোষণা কৰিছে । অৱশ্যে কেতিয়া প্ৰকাশ পাব সেই সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই । ইয়াৰ লগে লগে Huawei হ’ব বিশ্বৰ প্ৰথমটো ট্ৰাই ফ’ল্ডেবল ফোন মুকলি কৰা কোম্পানী । কেতিয়া মুকলি কৰিব তথা দাম আৰু বৈশিষ্ট্যসমূহ জানো আহক---

Huawei Tri Fold মোবাইল কেতিয়া মুকলি হ’ব

Huawei য়ে নিজৰ প্ৰথমটো ট্ৰাই ফল্ডেবল ফোন বজাৰলৈ আনিব বুলি ঘোষণা কৰিছে ।

ইয়াক Huawei Mate XT হিচাপে মুকলি কৰা হ’ব ।

হুৱেইয়ে স্পষ্ট কৰি দিছে যে 10 ছেপ্টেম্বৰত চীনৰ বজাৰত ইয়াক মুকলি কৰা হ’ব ।

Huawei Mate XT বৈশিষ্ট্যসমূহ

ভিতৰলৈ যোৱাকৈ দুখন স্ক্ৰীণ

এটা বাহিৰৰ পৰ্দাৰ দ্বৈত হিঞ্জ ব্যৱস্থা

মূল্য: জানিব পৰা মতে, বজাৰত ইয়াৰ মূল্য হ’ব 3,35,000 টকা

টেকন' ট্ৰাই ফল্ড মোবাইল মুকলিৰ সময়:

Techno কোম্পানীটোৱে প্ৰথমবাৰৰ বাবে ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হোৱা ম’বাইল ৱৰ্ল্ড কংগ্ৰেছ 2024 (MWC 2024)ত এই ট্ৰাই-ফল্ড ​​কনচেপ্ট ঘোষণা কৰিছিল ।

শেহতীয়াকৈ IFA বাৰ্লিনত অনুষ্ঠিত হোৱা এটা ঔদ্যোগিক অনুষ্ঠানত ইয়াক আংশিকভাৱে মুকলি কৰা হৈছে ।

অৱশ্যে কেতিয়া বজাৰত মুকলি কৰা হ’ব সেয়া এতিয়াও জানিব পৰা হোৱা নাই ।

টেক বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছে যে অহা বছৰৰ শেষৰ ফালে টেকন’ ট্ৰাইফ’ল্ড স্মাৰ্টফোন বজাৰত উপলব্ধ হ’ব ।

চীনৰ হুৱেইয়েও টেকন’ৰ পূৰ্বে এই ধৰণৰ স্মাৰ্টফোন মুকলি কৰাৰ তাৰিখ চূড়ান্ত কৰিছে ।

লগতে পঢ়ক: ফটো তোলাজনো এতিয়াৰে পৰা বাদ নপৰে গ্ৰুপ ফটোৰ পৰা : কেনেকৈ সম্ভৱ ? - Google Pixel 9 features

এটা স্মাৰ্টফোনৰ আয়ুস কেৱল 3 বা 4 বছৰহে নেকি ? নিৰ্মাতাই কিয় এনেদৰে নিৰ্মাণ কৰে ফোনবোৰ ? জানি লওক - issues in smartphones

হঠাতে গৰম হৈ পৰে নেকি আপোনাৰ হাতত থকা স্মাৰ্টফোনটো: এই কিটিপ প্ৰয়োগ কৰি উপকৃত হওঁক - Tips To keep Smartphone Cool

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.