ETV Bharat / technology

কুঁৱলীৰ মাজেৰে কেনেদৰে সঠিক দিশত আগবাঢ়ে আপোনাৰ বিমানখন ? - Winter Travel Challenges

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Flying In Fog: শীতকাল সমাগত হোৱাৰ লগে লগে কুঁৱলী পৰা পৰিলক্ষিত হৈছে । এই কুঁৱলীৰ বাবে বিমান যাত্ৰাও সমস্যাৰ সন্মুখীন হয় । অৱশ্যে উন্নত প্ৰযুক্তিৰ ফলত উৰণ সহজ হৈ পৰিছে । কুঁৱলীৰ সময়ত বিমান সংস্থাসমূহে কেনেধৰণৰ প্ৰযুক্তি ব্যৱহাৰ কৰে সেই বিষয়ে এজন বিমান বিষয়াই ‘ETV Bharat’ক অৱগত কৰে ।

Etv Bharat
কুঁৱলীৰ মাজেৰে কেনেদৰে সঠিক দিশত আগবাঢ়ে আপোনাৰ বিমানখন ? (ANI)

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ: সমাগত শীতকাল । প্ৰায়ে ঘন কুঁৱলী থাকে । তেনে ক্ষেত্ৰত পথ যাত্ৰাও বহুবাৰ প্ৰত্যাহ্বানমূলক হৈ পৰে । সমান্তৰালভাৱে বাধাপ্ৰাপ্ত হয় বিমান যাত্ৰা ।

নৱেম্বৰ আৰু ডিচেম্বৰ মাহত বিমানবন্দৰসমূহে বহু প্ৰত্যাহ্বানৰ সন্মুখীন হয় । ঘন কুঁৱলী আৰু সীমিত দৃশ্যমানতাৰ বাবে লেণ্ডিং আৰু টেক অফকে ধৰি অন্যান্য কাৰ্যকলাপত বাধাৰ সৃষ্টি হয় । বিমান পৰিবহণ বিশেষজ্ঞ সুভাষ গোৱেলে এনে পৰিস্থিতিত বিমান সংস্থাসমূহে কেনেদৰে কাম কৰে আৰু ইয়াৰ বাবে কি প্ৰযুক্তি ব্যৱহাৰ কৰা হয় সেই সন্দৰ্ভত ব্যাখ্যা কৰে ।

কুঁৱলী, প্ৰদূষণ বা ধুমুহাময় বৰষুণৰ বাবে দৃশ্যমানতা বহু পৰিমাণে হ্ৰাস পায় । ভাৰতৰ বেছিভাগ বিমানবন্দৰে ইয়াৰ বাবে ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম (ILS) ব্যৱহাৰ কৰে । ইয়াৰ বাবে আমাৰ প্ৰথমে দ্বিতীয় শ্ৰেণীৰ আই এল এছ আছিল । দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত এতিয়া তৃতীয় শ্ৰেণীৰ আই এল এছ আছে । ই বিশ্বৰ অন্যতম উন্নত লেণ্ডিং ব্যৱস্থা । যদিও বিমানসমূহ কম্পিউটাৰ নিয়ন্ত্ৰিত আৰু এইক্ষেত্ৰত পাইলটৰ ভূমিকা গুৰুত্বপূৰ্ণ, তথাপিও আই এল এছ ব্যৱস্থাৰ দৰিয়তে বিমান সংস্থাসমূহে বাধাৰ সন্মুখীন হ’বলৈ সাজু হৈছে ।

গোৱেলে কয়, "ইয়াৰ উপৰিও ক্ৰু আৰু যাত্ৰীসকলক অতিৰিক্ত সুবিধা প্ৰদান কৰা হয় । প্ৰতি 15 মিনিটৰ মূৰে মূৰে ঘোষণা কৰা হয় । বিমান সংস্থাসমূহৰ যাত্ৰীৰ যোগাযোগ নম্বৰ আছে । ইয়াৰ বাবে Artificial Intelligence(AI) লৈ ধন্যবাদ । স্বয়ংক্ৰিয় ঘোষণাই যাত্ৰীসকলক যিকোনো বিলম্বৰ বিষয়ে অৱগত কৰে । যাত্ৰীসকলক যাত্ৰাৰ তিনি ঘণ্টা পূৰ্বে বিমানবন্দৰত উপস্থিত হ’বলৈ পৰামৰ্শ দিয়া হৈছে ।"

তেওঁ পুনৰ কয়, "আন্তঃৰাষ্ট্ৰীয় বিমান পৰিবহণৰ নিয়ম অনুসৰি ঘন কুঁৱলীৰ বাবে বিমান চলাচলত যথেষ্ট প্ৰভাৱ পৰে । কৃত্ৰিম বুদ্ধিমত্তাৰ দৰে প্ৰযুক্তিৰ উন্নতিয়ে এই বিঘিনিসমূহ পৰিচালনা কৰাৰ আমাৰ ক্ষমতা আৰু অধিক উন্নত কৰিছে । কেইসপ্তাহমানৰ আগতে দ্বিতীয় শ্ৰেণীৰ আই এল এছ ৰূপায়ণৰ পূৰ্বে কুঁৱলীৰ বাবে কেইবাখনো বিমান বাতিল কৰা হৈছিল ।"

এতিয়া বতৰৰ সঠিক পূৰ্বাভাসৰ দ্বাৰা বিমান পৰিবহণ নিয়ন্ত্ৰণে কুঁৱলীৰ সৈতে জড়িত সম্ভাৱ্য সমস্যাৰ আগজাননী দিব পাৰে । বিমানৰ সময়সূচীত প্ৰয়োজনীয় সালসলনি কৰিব পাৰি । পৰিসংখ্যাগতভাৱে গাড়ীতকৈ বিমান যাত্ৰা সুৰক্ষিত । বিশেষকৈ কুঁৱলীৰ পৰিস্থিতিত বিমানসমূহত স্বয়ংক্ৰিয় সংঘৰ্ষ বিৰোধী ব্যৱস্থা থকাৰ বাবে যাত্ৰীসকল আতংকিত হোৱাৰ কোনো প্ৰয়োজন নাই বুলিও সুভাষ গোৱেলে কয় ।

লগতে পঢ়ক: পেট্ৰ’ল, ডিজেলৰ পৰিৱৰ্তে বিমানত কি ইন্ধন ব্যৱহাৰ কৰা হয় আপুনি জানেনে ? - Why Petrol Isn’t Used in Airplanes

মাজ আকাশত বিমান, তাতে আকৌ নাই এ চি : তেনেকৈয়ে উৰি থাকিল ১ ঘণ্টা ৫ মিনিট - IndiGo airline

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.