ETV Bharat / technology

আপোনাৰো প্ৰিয় নেকি পকা মিঠৈ ? এতিয়াৰে পৰা কম আয়াসতে প্ৰস্তুত কৰিব পাৰিব এই থলুৱা খাদ্যবিধ - INVENTOR UDDHAB BHARALI

Uddab bharali New invention: পকা মিঠৈ প্ৰস্তুত কৰা যন্ত্ৰ উদ্ভাৱন কৰিলে বিশিষ্ট উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে ৷ ক্ৰয়ৰ বাবে ক’ত উপলব্ধ এই বিশেষ মেচিনটো ?

EMINENT inventor dr uddab bharali of assam invents a machine to make traditional assamese sweet poka mithoi
বিশিষ্ট উদ্ভাৱক পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালী (ETV Bharat Assam)
author img

By ETV Bharat Tech Team

Published : Oct 16, 2024, 11:49 AM IST

যোৰহাট, 15 অক্টোবৰ: অসমীয়া সমাজৰ এবিধ জনপ্ৰিয় থলুৱা খাদ্য হ’ল পকা মিঠৈ । বিহুকে ধৰি অসমীয়াই পালন কৰা বিভিন্ন উৎসৱ-পাৰ্বণত পকা মিঠৈ প্ৰস্তুত কৰা হয় ৷ অৱশ্যে আমাৰ সমাজ জীৱনত ইয়াৰ আদৰ থাকিলেও ইয়াক বৰ সহজে প্ৰস্তত কৰাটো সম্ভৱ নহয় । পিছে বিশিষ্ট উদ্ভাৱক, পদ্মশ্ৰী ড৹ উদ্ধৱ ভৰালীয়ে সহজ কৰি তুলিছে পকা মিঠৈ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া ।

বিশিষ্ট উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে 15 অক্টোবৰৰ দিনা তেওঁৰ এক ন উদ্ভাৱন অৰ্পণ কৰে যোৰহাটৰ তৰাজান 1 নং সোণাৰী গাঁওস্থিত পহুখোৱা চুক নামঘৰলৈ । এইবাৰ উদ্ভাৱকগৰাকীয়ে উদ্ভাৱন কৰি উলিয়াইছে পকামিঠৈ প্ৰস্তত কৰা যন্ত্ৰ । সোণাৰী গাঁৱৰ পহুখোৱা চুক নামঘৰত অহা 19 অক্টোবৰৰ পৰা অনুষ্ঠিত হ’ব শ্ৰীমদ্ভভাগৱত অবিৰত পাঠ ৷ ইয়াৰ পূৰ্বে 15 অক্টোবৰৰ দিনা উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে তেওঁৰ মিঠৈ তৈয়াৰ কৰা এই মেচিন অৰ্পণ কৰে নামঘৰলৈ । সেই অনুসৰি কালি পহুখোৱা নামঘৰত কেইবা শতাধিক ভকত বৈষ্ণৱৰ উপস্থিতিত এক আধ্যাত্মিক পৰিৱেশত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে তেওঁৰ এই উদ্ভাৱন অৰ্পণ কৰে নামঘৰক ।

এতিয়াৰে পৰা কম সময়তে, সহজতে প্ৰস্তুত কৰিব পাৰিব এই থলুৱা খাদ্যবিধ (ETV Bharat Assam)

উদ্ভাৱকগৰাকীয়ে জনোৱা মতে, মেচিনটোত সম্পূৰ্ণ সামগ্ৰী ভৰাই দিয়াৰ 5 মিনিটৰ ভিতৰতে একে লগে 500 পকা মিঠৈ প্ৰস্তুত কৰিব পাৰিব ।

ডাঃ কমলা কান্ত নাথৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বিশেষ সভাত উপস্থিত থাকি বিশিষ্ট উদ্ভাৱক ড৹ উদ্ধৱ ভৰালীয়ে কয়, "আজি মই নিজকে বহু ভাগ্যৱান বুলি ভাবিছো মোৰ এই নতুন উদ্ভাৱন নামঘৰ ভাগলৈ অৰ্পণ কৰি । তদুপৰি এই মেচিনৰ অচিলা লৈ আজি ভকত বৈষ্ণৱৰ পৰা লোৱা আশীৰ্বাদে মোৰ জীৱন ধন্য কৰি তুলিলে । মই কেতিয়াও উদ্ভাৱক হম বুলি ভবা নাছিলো । বহু ঘাট-প্ৰতিঘাতৰ মাজেদিহে মই উদ্ভাৱক হ’লো ।"

ভৰালীয়ে পুনৰ কয়, "বৰ্তমান সময়তো মোৰ হাতত যথেষ্ট সংখ্যক কাম আছে । আৰু পৰ্যায় ক্ৰমে সেইসমূহ সম্পূৰ্ণ কৰি যাম । মই ধনৰ বাবে কোনো কাম জীৱনত কৰা নাই । মই নিজে সুখী অনুভৱ কৰো যে মই বিশেষভাবে সক্ষমসকলৰ বাবে বহু উদ্ভাৱন কৰিছো । যাৰ বাবে তেওঁলোক উপকৃত হৈছে । মোৰ নিজৰ এখন বৃদ্ধাশ্ৰম আছে । যিখন মই নিজেই চলাই আছো । এইয়াই হৈছে মোৰ জীৱন । মই বাস্তৱ দৃষ্টিৰে সকলো বস্তু চাইছিলো । মৌলিকতাবাদ আৰু আধ্যাত্মিকতাবাদৰ জৰিয়তে মানৱ জীৱন পৰিচালিত হৈ আছে । আজি অৰ্পণ কৰা মেচিনৰ জৰিয়তে মই সংস্কৃতি সলনি কৰা নাই । সংস্কৃতি ৰক্ষা কৰি ৰাইজৰ সময় লাঘৱ কৰিব পৰাকৈ এই উদ্ভাৱন কৰা হৈছে ।"

স্থানীয় মহিলাসকলে পৰিৱেশন কৰা প্ৰাৰ্থনাৰ জৰিয়তে শুভাৰম্ভ হোৱা অনুষ্ঠানত উদ্দেশ্য ব্যাখ্যা কৰে উদযাপন সমিতিৰ সভাপতি শৰৎ বৰদলৈয়ে । সম্পাদক জয়ন্ত বৰদলৈয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট উদ্ভাৱকগৰাকীক নামঘৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা গামোচা, চেলেং, সম্বৰ্ধনা পত্ৰেৰে বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

উল্লেখযোগ্য যে, যোৰহাটৰ 1 নং সোণাৰী গাঁৱৰ পহুখোৱা চুক নামঘৰত অহা 19 অক্টোবৰৰ পৰা 26 অক্টোবৰলৈকে অনুষ্ঠিত হ’ব ভাগৱত পাঠ কাৰ্যসূচী আৰু অন্তিম দিনা অৰ্থাৎ 26 অক্টোবৰৰ নিশা স্থানীয় শিল্পীৰ দ্বাৰা পৰিবেশন কৰা হ’ব "নৃসিংহ মুৰাৰী" মহাপুৰুষীয়া ভাওনা ।

লগতে পঢ়ক: পকামিঠৈ বনাব পাৰিব যন্ত্ৰৰ সহায়ত : কি কি নতুন উদ্ভাৱনত ব্যস্ত পদ্মশ্ৰী ড০ উদ্ধৱ ভৰালী ? - Inventor Uddhab Bharali

কি নতুন উদ্ভাৱনত ব্যস্ত বিশ্বৰ চিনাকি উদ্ভৱ ভৰালী ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.