ETV Bharat / technology

তৃতীয় পক্ষৰ এপ ব্যৱহাৰ নকৰাকৈ কেনেকৈ ইনষ্টাগ্ৰামৰ ৰীল ডাউনলোড কৰিব ? - HOW TO DOWNLOAD INSTAGRAM REELS - HOW TO DOWNLOAD INSTAGRAM REELS

HOW TO DOWNLOAD INSTAGRAM REELS : তৃতীয় পক্ষৰ এপ ব্যৱহাৰ নকৰাকৈ ইনষ্টাগ্ৰামৰ ৰীল ডাউনলোড কৰিব বিচাৰে নেকি ? তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ৷ কেনেকৈ সহজতে ডাউনলোড কৰিব ৰীল ?

HOW TO DOWNLOAD INSTAGRAM REELS
তৃতীয় পক্ষৰ এপ্প ব্যৱহাৰ নকৰাকৈ কেনেকৈ ইনষ্টাগ্ৰামৰ ৰীল ডাউনলোড কৰিব ?
author img

By ETV Bharat Assamese Team

Published : Apr 7, 2024, 5:18 PM IST

Updated : Apr 8, 2024, 10:44 AM IST

নিউজ ডেস্ক, 7 এপ্ৰিল : বৰ্তমান সময়ত ইনষ্টাগ্ৰাম অতি জনপ্ৰিয় এপ ৷ ইনষ্টাগ্ৰামৰ এটা বিশেষ অংশ হৈছে ৰীলছ ৷ বৰ্তমান সময়ত প্ৰায়সংখ্যক ব্যৱহাৰকাৰীয়ে ৰীলছ বনোৱা দেখা যায় ৷ মেটাই 2020 চনত ইনষ্টাগ্ৰামত ৰীল মুকলি কৰিছিল আৰু তেতিয়াৰ পৰা ই দিনক দিনে জনপ্ৰিয়তা বৃদ্ধি পাই আহিছে।

এই ৰীলসমূহ কোনো ব্যৱহাৰকাৰীয়ে ইচ্ছা কৰিলে ডাউনলোড কৰিবলৈও ইনষ্টাগ্ৰামে অনুমতি দিয়ে । কিন্তু বহু সময়ত আমি এই ৰীলছসমূহ তৃতীয় পক্ষৰ এপৰ সহায়েৰে ডাউনলোড কৰিব লগা হয় ৷

সেয়েহে এণ্ড্ৰইড অথবা আইফোনত ইনষ্টাগ্ৰাম ৰীল কেনেদৰে ডাউনলোড কৰিব লাগে উল্লেখ কৰা হৈছে -

ইনষ্টাগ্ৰাম ৰীলত ব্যৱহাৰকাৰীসকলক ৬০ ছেকেণ্ড লৈকে দীঘল ভিডিঅ' বনাব পাৰে ৷ সেইসমূহ ইনষ্টাগ্ৰামৰ এক্সপ্ল’ৰ পেজত দেখা পোৱা যায় ৷ ৰীল ডাউনলোড কৰাৰ এটা সহজ কৌশল ৷ ইয়াত কোনো তৃতীয় পক্ষৰ এপ জড়িত নাই। আপুনি ইনষ্টাগ্ৰামৰ পৰাই ৰীলটো ডাউনলোড কৰিবলৈ পাৰিব ৷

আপোনাৰ এণ্ড্ৰইড বা আইঅ’এছ স্মাৰ্টফোনত ইনষ্টাগ্ৰাম এপটো খোলক।

আপুনি সংৰক্ষণ কৰিব বিচৰা ৰীলটো খোলক আৰু শ্বেয়াৰ আইকনত ক্লিক কৰক।

আপোনাৰ ষ্টৰীত শ্বেয়াৰ কৰিবলৈ টেপ কৰক।

ষ্টৰীত ৰীলটো জুম কৰক , তাৰ পিচত ওপৰৰ তিনিটা বিন্দু থকা মেনুত ক্লিক কৰক আৰু ছেভ অপশ্যনটো ক্লিক কৰক।

ছেভ কৰাৰ পিচত আপুনি ষ্টৰীটো শ্বেয়াৰ নকৰিবও পাৰে ৷

উল্লেখ্য যে, কেৱল ৰাজহুৱা একাউণ্টে ভাগ বাটোৱাৰা কৰা ৰীল সমূহহে ডাউনলোড কৰিব পাৰিব । যদি ৰীলবোৰ ব্যক্তিগত ইনষ্টাগ্ৰাম একাউণ্টত শ্বেয়াৰ কৰা হৈছে, সেইবোৰ ডাউনলোড কৰিব নোৱাৰি । ইয়াৰ উপৰিও, ৰাজহুৱা একাউণ্ট ব্যৱহাৰকাৰীসকলে এপ ছেটিংছত ৰীল ডাউনলোড কৰাৰ অপশ্যনটো অফ কৰিও থব পাৰে।

লগতে পঢ়ক : আপোনাৰ ফোনটো হেক হোৱাৰ পৰা কেনেকৈ বচাই ৰাখিব ? - how to protect mobile phone

Last Updated : Apr 8, 2024, 10:44 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.