ETV Bharat / technology

ফেক্টৰীৰ টিং অথবা চাদত ঘূৰি থকা ঘূৰণীয়া বস্তুবিধ কি; আপুনি জানেনে ? - Turbo ventilator

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Round like thing on factory roof: ফেক্টৰীৰ চাদত ঘূৰণীয়া পাত্ৰৰ দৰে এটা বস্তু ঘূৰি থকা আপুনি দেখিছেনে ? ই কি আৰু ইয়াৰ কাম কি বুলি সাধাৰণ মানুহৰ মনত প্ৰশ্নৰ উদয় হয় । গতিকে এই সন্দৰ্ভত জানো আহক...

Etv Bharat
ফেক্টৰীৰ টিং অথবা চাদত ঘূৰি থকা ঘূৰণীয়া বস্তুবিধ কি; আপুনি জানেনে ? (ETV Bharat)

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰ: প্ৰায়ে ফেক্টৰীৰ চাদত ডাঙৰ পাত্ৰৰ দৰে কিবা এটা দেখা যায় । ৰূপালী ৰঙৰ এই বস্তুটো কেতিয়াবা ঘূৰি থকা আমি প্ৰত্যক্ষ কৰো । প্ৰতিজন সাধাৰণ মানুহৰ মনত এয়া কি হয় বুলি প্ৰশ্ন জাগে ? কাৰখানাৰ টিংতেই ইয়াক কিয় সংলগ্ন কৰা হয় বুলিও মনলৈ প্ৰশ্ন আহে ? আমাৰ এই প্ৰতিবেদনযোগে জানো আহক ই কি আৰু ইয়াৰ কাম কি---

ঘূৰণীয়া ৰূপালী ৰঙৰ বাটিটো কি?

তীখাৰে নিৰ্মিত এই বৃত্তাকাৰ পাত্ৰবোৰ কাৰখানাৰ চাদত কম দূৰত্বত স্থাপন কৰা হয় । কাৰখানাটোৰ চাদত স্থাপন কৰা এই তীখাৰ পাত্ৰবোৰৰ নাম হৈছে Turbo Ventilator । ই এক অতি উপযোগী যন্ত্ৰ যিটো তাপ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় ।

টাৰ্বো ভেণ্টিলেটৰ কি?

ৰাস্তাৰে গ’লে ৰাস্তাত বহুতো কাৰখানা দেখিবলৈ পোৱা যায় । ভালদৰে চালে সকলো কাৰখানাৰ চাদত অন্ততঃ 3-4টা চিকচিকিয়া ৰূপালী ৰঙৰ ঘূৰণীয়া পাত্ৰ আছে । এইবোৰক টাৰ্বো ভেন্টিলেটৰ বোলা হয় । টাৰ্বো ভেণ্টিলেটৰৰ কাম হ’ল কাৰখানাৰ পৰা তাপ আৰু ৰাসায়নিক নিৰ্গমন আঁতৰোৱা, যাৰ ফলত শ্ৰমিকসকলৰ বাবে সুস্থ পৰিৱেশ নিশ্চিত কৰা হয় । ই এক প্ৰকাৰৰ চিলিং ফেন যি গৰম বতাহ আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় ।

ক’ত ক’ত ব্যৱহৃত হয় টাৰ্বো ভেণ্টিলেটৰ?

কেৱল কাৰখানাতে নহয়, জনবসতিপূৰ্ণ অঞ্চলতো ইয়াৰ ব্যৱহাৰ কৰা হয় । ইয়াক সাধাৰণতে কাৰখানা, গুদাম, ৰে’লৱে ষ্টেচন আৰু অন্যান্য বৃহৎ চৌহদত লগোৱা দেখিবলৈ পোৱা যায় ।

  • গুদাম
  • চিকিত্‍সালয়
  • বিদ্যালয়
  • পাৱাৰ হাউচ
  • মেৰিন চেণ্টাৰ
  • ৰেলৱে ষ্টেচন

টাৰ্বো ভেণ্টিলেটৰে কেনেকৈ কাম কৰে?

টাৰ্বো ভেণ্টিলেটৰটো লাহে লাহে চলি থাকে যদিও গৰম বতাহ আঁতৰোৱাৰ বাবে ই অতি ফলপ্ৰসূ । কাৰখানাৰ পৰা গৰম বতাহ আঁতৰাই ঠাণ্ডা বতাহ অনাত সহায় কৰে । গুদামত আৰ্দ্ৰতা হ্ৰাস কৰাত টাৰ্বো ভেণ্টিলেটৰ ফলপ্ৰসূ বুলি প্ৰমাণিত । ৰে’ল ষ্টেচন আৰু অন্যান্য বৃহৎ কমপ্লেক্সত বায়ু প্ৰবাহ উন্নত কৰাৰ বাবে ই অতি উপযোগী ।

লগতে পঢ়ক: পৃথিৱীলৈ নতুন আলহী: আকাশত দেখিবলৈ পোৱা যাব দুটা চন্দ্ৰ - Mini moon

টাটা ইলেক্ট্ৰনিকছৰ ফেক্টৰীত অগ্নিকাণ্ড; বৃহৎ ক্ষয়-ক্ষতিৰ আশংকা - Fire Breaks Out At Tata Electronics

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.