ETV Bharat / technology

গ্ৰাহকলৈ 24GB ডাটা বিনামূলীয়াকৈ আগবঢ়াইছে BSNL এ - 24GB of free data

BSNL bumper offer: গ্ৰাহকৰ বাবে আন এক বাম্পাৰ অফাৰ আনিছে BSNL এ । BSNL এ 24 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে গ্ৰাহকলৈ বিনামূলীয়াকৈ আগবঢ়াইছে ডাটা ।

author img

By ETV Bharat Tech Team

Published : 3 hours ago

Etv Bharat
গ্ৰাহকলৈ 24GB ডাটা বিনামূলীয়াকৈ আগবঢ়াইছে BSNL এ (ETV Bharat (File Photo))

নিউজ ডেস্ক, 4 অক্টোবৰ: চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেডে দ্ৰুতগতিত 4G নেটৱৰ্ক সম্প্ৰসাৰণ কৰি আছে । লগতে, গ্ৰাহকক আকৰ্ষণ কৰিবলৈ নতুন প্লেন মুকলি কৰিছে । শেহতীয়াকৈ ই কম মূল্যত উচ্চ বৈধতাৰ প্লেন গ্ৰাহকৰ বাবে মুকলি কৰিছে আৰু শেহতীয়াকৈ ইয়াৰ গ্ৰাহকসকলৰ বাবেও বিভিন্ন আকৰ্ষণীয় অফাৰ অনা পৰিলক্ষিত হৈছে । কোম্পানীটোয়ে ইতিমধ্যে 24 বছৰ সম্পূৰ্ণ কৰি 25 বছৰত ভৰি দিছে । এই সময়ত BSNL এ গ্ৰাহকৰ বাবে এক বিশেষ অফাৰ ঘোষণা কৰিছে । 24GB ডাটা বিনামূলীয়াকৈ দিয়া হ’ব বুলি ঘোষণা কৰিছে BSNL এ ।

কেনেকৈ পাব এই অফাৰ

24 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে BSNL এ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ জৰিয়তে ঘোষণা কৰিছে যে তেওঁলোকে গ্ৰাহকক বিনামূলীয়াকৈ ডাটা প্ৰদান কৰিছে । BSNL এ আগবঢ়োৱা এই অফাৰটো পাবলৈ হ’লে 500 টকাতকৈ অধিক মূল্যৰ ভাউচাৰেৰে ৰিচাৰ্জ কৰিব লাগিব । 500 টকাৰ ওপৰত ৰিচাৰ্জ কৰা সকলোকে 24 GB বিনামূলীয়া ডাটা দিয়া হৈছে ৷ এই অফাৰ ইতিমধ্যে উপলব্ধ । কিন্তু 24 অক্টোবৰৰ পূৰ্বে ৰিচাৰ্জ কৰাসকলেহে এই সুবিধাসমূহ লাভ কৰিব ।

উল্লেখ কৰা প্ৰয়োজন যে শেহতীয়াকৈ সকলো ব্যক্তিগত টেলিকম কোম্পানীয়ে ৰিচাৰ্জৰ হাৰ বৃদ্ধি কৰিছে । ফলত বহু ব্যৱহাৰকাৰীয়ে BSNL ৰ ৰিচাৰ্জ প্লেনৰ প্ৰতি আগ্ৰহী হৈছে । ইয়াৰ সুবিধা লৈ BSNL এ নতুন প্লেন মুকলি কৰিছে । 2000 চনৰ 15 ছেপ্টেম্বৰত বি এছ এন এল প্ৰতিষ্ঠা কৰা হয় । সেই বছৰৰ 1 অক্টোবৰৰ পৰা দিল্লী আৰু মুম্বাইৰ বাহিৰে দেশৰ বাকী অংশত টেলিকম সেৱা উপলব্ধ কৰা হয় ।

কম মূল্য, অধিক দিনৰ বৈধতা

সকলো ব্যক্তিগত টেলিকম কোম্পানীয়ে ৰিচাৰ্জৰ হাৰ বৃদ্ধি কৰি থকাৰ সময়তে শেহতীয়াকৈ বি এছ এন এলে ইয়াৰ প্ৰিপেইড ব্যৱহাৰকাৰীৰ বাবে নতুন নতুন পৰিকল্পনা আনিছে । 60 দিনৰ বৈধতাৰ সৈতে উপলব্ধ এই নতুন ৰিচাৰ্জ প্লেনৰ জৰিয়তে BSNL ৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক: 298 টকাতেই লাভ কৰক 52 দিনৰ বাবে আনলিমিটেড কল আৰু ডাটাৰ সুবিধা - Cheap recharge plan of BSNL

কেতিয়াৰ পৰা আৰম্ভ হ’ব BSNL ৰ 5G সেৱা ? - BSNL 5G launch date

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.