ETV Bharat / technology

চাৰ্জিঙৰ সময়তে বিস্ফোৰিত হ’ল iPhone 14 Pro Max; গুৰুতৰভাৱে আহত এজন - IPHONE 14 PRO MAX EXPLOSION

iPhone 14 Pro Max overheating: চাৰ্জিঙৰ সময়তে আইফোন বিস্ফোৰিত হৈ শোকাৱহ ঘটনা ৷ আহত আইফোন ব্যৱহাৰকাৰী ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৷

iphone-14-pro-max-bursts-into-flames-while-charging-burns-woman-severely
চাৰ্জিঙৰ সময়তে বিস্ফোৰিত হ’ল iPhone 14 Pro Max; গুৰুতৰভাৱে আহত এজন (প্ৰতিনিধিত্বমূলক ছবি)
author img

By ETV Bharat Tech Team

Published : Nov 6, 2024, 10:59 AM IST

হায়দৰাবাদ: আইফোনৰ বাবেই চীনত শোকাৱহ ঘটনা ৷ শুই থকা অৱস্থাত এগৰাকী মহিলাই নিজৰ আইফোনটো চাৰ্জ দিয়াৰ পাচতে সংঘটিত হয় এই শোকাৱহ ঘটনাটো ৷ জানিব পৰা মতে চাৰ্জত দিয়াৰ পাচতে হঠাৎ বিস্ফোৰণ হয় আইফোনটো ৷ ইয়াৰ পিছত গুৰুতৰভাৱে আহত হয় আইফোন ব্যৱহাৰকাৰীগৰাকী । এই ঘটনাটো 4 নৱেম্বৰৰ পুৱা প্ৰায় 6.30 বজাত চীনৰ ছানছি (শাংছি)ত সংঘটিত হয় । এই খবৰ চীনৰ বহু সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছত এপলে এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে । বিস্ফোৰণৰ সঠিক কাৰণ জানিবলৈ উক্ত আইফোনটোক সমীপৰ এপল গ্ৰাহক সেৱা কেন্দ্ৰলৈ লৈ যোৱা হৈছে ।

কেনেকৈ সংঘটিত হ’ল দুৰ্ঘটনাটো?

  • জানিব পৰা মতে শুই থকা অৱস্থাত মহিলাগৰাকীয়ে আইফোন 14 প্ৰ’ মেক্সটো চাৰ্জিঙত দিয়ে ।
  • ইয়াৰ পিছতে মহিলাগৰাকীয়ে সাৰ পাই ধোঁৱা আৰু জুইৰ শিখা নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । কিন্তু আইফোনটো সম্পূৰ্ণৰূপে জ্বলি গৈছে ।
  • এই ঘটনাৰ ফলত বহু ক্ষতি হৈছে । কোঠাৰ বেৰ সম্পূৰ্ণ ক’লা হৈ পৰাৰ লগতে বিচনা পৰ্যন্ত জ্বলি যায় ।
  • এই আইফোন 14 প্ৰ’ মেক্সটো 2022 চনত ক্ৰয় কৰা হৈছিল আৰু ইয়াৰ ৱাৰেণ্টীৰ ম্যাদ ইতিমধ্যে উকলি গৈছে ।
  • প্ৰাথমিক প্ৰতিবেদন অনুসৰি বেটাৰীৰ বিজুতিৰ বাবেই এই বিজুতি ঘটিব পাৰে ।
  • মহিলাগৰাকীয়ে দুৰ্ঘটনাৰ কাৰণ জানিব বিচৰাৰ লগতে তেওঁ বাস কৰা ঘৰটোৰ ক্ষতিসাধন হোৱাৰ বাবে ক্ষতিপূৰণ দাবী কৰে ।

এপলৰ প্ৰতিক্ৰিয়া

ঘটনা সন্দৰ্ভত অৱগত হৈ এপলৰ গ্ৰাহক সেৱা কেন্দ্ৰই উদ্বেগ প্ৰকাশ কৰে । বিস্ফোৰণৰ কাৰণ বৰ্তমানেও পোহৰলৈ অহা নাই । মোবাইলত থকা বেটাৰীটো অৰিজিনেল নে মেৰামতিৰ বাবে সলনি কৰা হৈছে সেয়া জানিব পৰা হোৱা নাই । কোম্পানীটোৱে নিজৰ সামগ্ৰীৰ সৈতে জড়িত যিকোনো সম্ভাৱ্য সুৰক্ষাজনিত সমস্যাৰ তদন্ত কৰা হ’ব বুলি প্ৰতিশ্ৰুতি আগবঢ়াইছে ।

বেছি সময় চাৰ্জ নকৰিব Mobile

ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও তদন্ত অব্যাহত আছে যদিও ইলেক্ট্ৰনিকছ বিশেষকৈ স্মাৰ্টফোনক দীৰ্ঘ সময় ধৰি চাৰ্জত নাৰাখিবলৈ পৰামৰ্শ দিয়া হৈছে । চাৰ্জিং কৰাৰ সময়ত স্মাৰ্টফোন বিস্ফোৰণ হোৱাটো এইটো প্ৰথম নহয় আৰু এইটোৱেই হয়তো শেষ নহ’বও পাৰে, কিন্তু সকলোৱে কোম্পানীয়ে প্ৰদান কৰা অনুমোদিত চাৰ্জাৰ আৰু বেটাৰী ইউনিট ব্যৱহাৰ কৰা উচিত (যদিও ইয়াক সলনি কৰাৰ প্ৰয়োজন হয়)। কাৰণ ইয়াৰ দ্বাৰা ভৱিষ্যতে যিকোনো সম্ভাৱ্য বিপদৰ পৰা হাত সাৰিব পৰা যায় ।

লগতে পঢ়ক: আইফোন 14 প্লাছৰ বাবে এপলৰ বিনামূলীয়া মেৰামতি কাৰ্যসূচী

সুখবৰ ! 11 হাজাৰতকৈও অধিক ৰেহাইত লাভ কৰক iPhone - iPhone Price Drop

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.