কলিয়াবৰ: কৃষিকৰ্মৰে ব্ৰহ্মপুত্ৰৰ চাপৰিত বহুতো যুৱকে বিচাৰি পাইছে স্বাৱলম্বিতাৰ পথ । শুকান বালিৰে আৱৰা বৃহৎ ভূমিখণ্ডক শ্য়ামলী পথাৰলৈ পৰ্যবসিত কৰিছে একমাত্ৰ শক্তিশালী মনোবলেৰে । এই যুৱকসকলে চাকৰিৰ পিছত দৌৰি নাথাকি কঠোৰ পৰিশ্ৰম আৰু স্বাৱলম্বী হোৱাৰ লক্ষ্য়ৰে আগুৱাইছে ।
৯০ বিঘা ভূমিত সৰিয়হ খেতি
কলিয়াবৰৰ ব্ৰহ্মপুত্ৰৰ বানেশ্বৰ চাপৰিত কৃষিকৰ্মৰে যুৱকসকলে বিচাৰি পাইছে স্বাৱলম্বনৰ পথ । এইক্ষেত্ৰত যুৱগোট 'প্ৰজন্ম'ই দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন । বিগত কেইবাবছৰৰ পৰা প্ৰজন্মৰ সদস্যসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত সৰিয়হ আৰু মটৰ খেতি কৰি লাভৱান হৈ আহিছে । এইবাৰো প্ৰজন্মৰ পোন্ধৰজনীয়া গোটটোৱে সাজু কৰি তুলিছে ৯০ বিঘা মাটি । য'ত মূলতঃ সৰিয়হ খেতি কৰিব যদিও মটৰ,ৰঙালাও, লাও,বেঙেনাৰ পুলি আৰু বীজ ৰোপণ কৰিছে ।
আজি প্ৰজন্মই আনুষ্ঠানিকভাৱে সৰিয়হৰ বীজ সিঁচা কাৰ্যৰ আৰম্ভণি কৰে । প্ৰজন্মৰ কৃষিকাৰ্যত পূৰ্বৰে পৰা দিহা-পৰামৰ্শ,সহযোগিতা আগবঢ়োৱা ৰাজ্য চৰকাৰৰ দ্বাৰা সন্মানিত আদৰ্শ কৃষক মথুৰা চাহুয়ে এইবেলিও উক্ত গোটটোক সহায় আগবঢ়াইছে । এইবেলি বতৰৰ বিধি-পথালিৰ বাবে সৰিয়হৰ বীজ সিঁচাৰ লগতে আন খেতি আৰম্ভ কৰাত কিছু পলম হ'লেও আগৰ দৰে ফচলৰ উৎপাদন আশাপ্ৰদ হ'ব বুলি প্ৰজন্ম গোটৰ কৈলাশ বৰকাকতিয়ে মন্তব্য কৰিছে । তেওঁ উঠি অহা প্ৰজন্মক কৃষিমুখী হৈ স্বাৱলম্বী হ'বলৈও আহ্বান জনাইছে ।
ডেৰ হাজাৰ বিঘা কৃষিভূমিত দুই শতাধিক কৃষকে কৰিছে খেতি
উল্লেখ্য় যে স্থানীয় কৃষকসকলে ব্ৰহ্মপুত্ৰৰ চাপৰিত পৃথকে-পৃথকে গঠন কৰা গোটসমূহেৰে আৰম্ভ কৰিছে এই কৃষিকৰ্ম । ইয়াত শিক্ষিত যুৱকৰ সংখ্যাই অধিক । কলিয়াবৰৰ ব্ৰহ্মপুত্ৰ বহুমুখী কৃষি পাম সমবায় সমিতি লিমিটেডৰ জৰিয়তে প্ৰায় ডেৰ হাজাৰ বিঘা কৃষিভূমিত দুই শতাধিক কৃষকে কৃষি বিপ্লৱৰ সূচনা কৰিছে ।
দুই হাজাৰ বিঘা কৃষিভূমিত শাক-পাচলি
জখলাবন্ধাৰ পূবে হাতীমূৰা অঞ্চলৰ পৰা কুকুৰাকটা পাহাৰলৈকে ব্ৰহ্মপুত্ৰৰ চাপৰিৰ প্ৰায় দুই হাজাৰ বিঘা কৃষিভূমিত বিভিন্ন প্ৰজাতিৰ মাহ, সৰিয়হ, আলু, পিয়াঁজ,নহৰু,বিলাহী, ফুলকবি, বন্ধাকবি, মটৰ, বেঙেনা, লাই শাক, পালেং, ধনীয়া, মূলা,গোমধান আদিৰ বিভিন্ন শাক-পাচলিৰে খেতি কৰি স্বাৱলম্বী হৈছে কৃষকসকল । এইক্ষেত্ৰত কৃষি বিভাগেও উন্নত জাতৰ বীজ প্ৰদান কৰি কৃষকসকলক সহায় কৰি আহিছে ।
এইবেলি বিশেষকৈ উন্নত জাতৰ সৰিয়হৰ বীজ কৃষি বিভাগে যোগান ধৰিছে কৃষকসকলক । ইতিমধ্যে কৃষকসকলক স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্তই খেতি কৰা অঞ্চলটোৰ চৌপাশে চ'লাৰ ফেঞ্চিং সংস্থাপনৰ ব্যৱস্থা কৰি সহায় আগবঢ়াইছে । ফলত বনৰীয়া হাতী,ম'হ,গাহৰি,পহু আদিয়ে কৃষি শস্য অনিষ্ট কৰাৰ সমস্যাৰ পৰা বহু পৰিমাণে মুক্ত হৈছে খেতিয়কসকল ।