ETV Bharat / state

ডিমা হাছাওৰ জাতিংগা নৈত কালৰ অপেক্ষা; বাঢ়নি পানীত উটি গ’ল আব্দুল অমৰ - Youth drowns to death

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 1:55 PM IST

Cyclone remal causes : ৰাজ্যত ধাৰাসাৰ বৰষুণ ৷ ফলত ডিমা হাছাও জিলাত পুনৰ প্ৰকৃতিয়ে লৈছে সংহাৰী ৰূপ ৷ এইবাৰ জাতিংগা নৈৰ বাঢ়নি পানীয়ে উটুৱাই নিলে এজন যুৱকক ৷ নাম আব্দুল অমৰ ৷

Etv Bharat
Etv Bharat (Etv Bharat)

হাফলং, 29 মে’ : প্ৰকৃতিয়ে ডিমা হাছাও জিলাত লৈছে সংহাৰী ৰূপ ৷ প্ৰচণ্ড বৰষুণৰ ফলত জিলাখন আকৌ এবাৰ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হ’ব লগাত পৰিছে ৷ ৰুদ্ৰ প্ৰকৃতিৰ বাবে বিপৰ্যস্ত হৈ পৰিছে জনজীৱন ৷ প্ৰাকৃতিক বিপৰ্যয়ৰ মাজতে জিলাখনত সংঘটিত হৈছে এক অঘটন ৷

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, অসমৰ অন্যতম পাহাৰীয়া জিলাখনত ধাৰাসাৰ বৰষুণৰ ফলত জাতিংগা নৈৰ পানীয়ে উটুৱাই লৈ যায় এগৰাকী যুৱকক । হাৰেংগাজাও আৰক্ষী থানাৰ অন্তৰ্গত লাল গাঁৱৰ যুৱক আব্দুল অমৰে জাতিংগা নৈ পাৰ হোৱাৰ সময়তে সংঘটিত হয় এই অঘটনটো ৷

জানিব পৰা মতে, মঙলবাৰে আব্দুল অমৰ নামৰ যুৱকজনে কামৰ পৰা বিয়লি প্ৰায় 6 বজাত ঘৰলৈ বুলি উভতি আহে ৷ বৰষুণ দি আছিল যদিও জাতিংগা নৈৰ পানী সাধাৰণভাৱেই বৈ আছিল ৷ সেই হেতুকে তেওঁ খোজকাঢ়িয়েই নৈ পাৰ হ’বলৈ উদ্যত হ’ল ৷

Youth drowns to death in Jatinga River
প্ৰকৃতিয়ে ডিমা হাছাও জিলাত লৈছে সংহাৰী ৰূপ (ETV Bharat Assam)

কিন্তু কালে যে আব্দুল অমৰৰ বাবে জাতিংগা নৈৰ মাজত অপেক্ষা কৰি আছিল, সেই কথা তেওঁ অনুমানেই কৰিব পৰা নাছিল ৷ নৈখন পাৰ হ’বলৈ লওঁতেই হঠাতে পাহাৰৰ পৰা বাগৰি অহা পানীৰ ঢলে অমৰক উটুৱাই লৈ যায় ৷ ফলত মৃত্যু হয় আব্দুল অমৰ ৷

লগতে পঢ়ক : ৰেমলৰ পাচত এতিয়া কাৰ্বি লাংপী জলবিদ্যুৎ প্ৰকল্পই ভাবুকি কঢ়িয়াইছে ৰাজ্যলৈ - Karbi Langpi Hydro Electric Project

ইপিনে প্ৰকৃতিৰ এই ৰুদ্ৰ ৰূপৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰে’লপথ বন্ধ হৈ পৰিছে ডিমা হাছাও জিলাত ৷ ফলত বৰাক উপত্যকাৰ সৈতে বিচ্ছিন্ন হৈ পৰিছে যোগাযোগ ব্যৱস্থা । যোৱা 24 ঘণ্টাৰো অধিক সময়ৰ পৰা বিদ্যুৎ পৰিসেৱা বিছিন্ন হৈ পৰিছে পাহাৰীয়া জিলাখনত ।

প্ৰকৃতিৰ তাণ্ডৱলীলাৰ বাবে বিকল হৈ পৰিছে ম’বাইল ইণ্টাৰনেট সেৱাও ৷ আনহাতে জিলা প্ৰশাসনেও ধাৰাসাৰ বৰষুণৰ বাবে জুৰুৰীকালীন কামৰ বাহিৰে বিনা কাৰণত ৰাইজক ঘৰৰ পৰা বাহিৰলৈ ওলাই নাহিবলৈ পৰামৰ্শ দিছে ।

এঢলীয়া বা বিপদজনক এলাকাসমূহৰ পৰা আঁতৰি সুৰক্ষিত স্থানলৈ যোৱাৰ বাবে ৰাইজক আহ্বান জনাইছে লগতে লংকা উমৰাংচু পথত যানবাহন চলাচল নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক : তিনিখনকৈ ৰে‘লৰ যাত্ৰা বাতিল উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - NF Railways Cancelled Trains

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.