ETV Bharat / state

নিশাটোতে নোহোৱা হ'ল বেংক, গ্ৰাহকৰ মাজত হাহাকাৰ - Bank Forgery In Jorhat - BANK FORGERY IN JORHAT

Bank Forgery In Jorhat: আপুনি আপোনাৰ কষ্টৰ ধন কোনো বেংকত জমা থওতে সাবধান হওক । কিয়নো আপোনাৰ কষ্টৰ ধনৰ লগতে নোহোৱা হ'ব পাৰে ধন জমা থোৱা বেংক । যোৰহাট পুলিবৰৰ ইয়েছ মনি ডিজিটেল বেংকে ৰামঠগন দিলে ৰাইজক ।

Yes Money Digital Bank employee escapes after embezzling customer's money in Jorhat
নিশাটোতে নোহোৱা হ'ল বেংক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:47 PM IST

যোৰহাট,৫ জুলাই: নিশাটোৰ ভিতৰতে যোৰহাটত অন্তৰ্ধান হ'ল এটা বেংক । অন্তৰ্ধান হ'ল বেংকটোৰ বিষয়া-কৰ্মচাৰীও । যাক লৈ বেংকটোৰ গ্ৰাহকসকলৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতি । লাখ লাখ টকা জমা ৰাখি এতিয়া বিপাঙত পৰিছে বেংকটোৰ গ্ৰাহকসকল । ইয়েছ মনি ডিজিটেল বেংক(নিধি বেংক) নামৰ বিত্তীয় প্ৰতিষ্ঠানটোৱে গ্ৰাহকক ৰাম ঠগন দিয়াৰ অভিযোগ । যোৰহাটত যোৱা ১৭ এপ্ৰিলত শাখা মুকলি কৰি বিভিন্ন গ্ৰাহকৰ পৰা ধন জমা লৈছিল এই বেংকটোৰ কৰ্তৃপক্ষই ।

নিশাটোতে নোহোৱা হ'ল বেংক (ETV Bharat Assam)

এতিয়া বেংকটোৰ শীৰ্ষ বিষয়া তথা অধিকাংশ কৰ্মচাৰীয়ে পলায়ন কৰাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে গ্ৰাহকৰ মাজত । ঘৰৰ মালিকৰ ভাৰাৰ পৰা বেংকৰ আচবাব বনোৱা ব্যৱসায়ীলৈকে সকলোকে লাখ লাখ টকাৰ মাধমাৰ শোধাই ধন আত্মসাৎ কৰি পলায়ন কৰিছে বেংকটোৰ শীৰ্ষ বিষয়াও ।

উল্লেখ্য যে যোৰহাটৰ পুলিবৰত এই শাখাটো মুকলি কৰিছিল ১৭ এপ্ৰিলত । বহু লোকে দৈনিক একাউন্টত জমা থৈছিল কষ্টৰ ধন । একাংশ গ্ৰাহকে এক লাখ টকাৰ লোণ লাভৰ আশাত ধন জমা দিছিল বেংকটোত । কিন্তু হঠাৎ বেংকটোৰ পৰা CEO বনমালি হাজৰিকাকে ধৰি নৱজ্যোতি পায়েং, জগন্নাথ পেগু , প্ৰসেনজিৎ নৰহ, গৌতম কলিতাকে ধৰি শীৰ্ষ বিষয়াসকল অন্তৰ্ধান হৈ পৰে । ইতিমধ্যে ভুক্তভোগী লোকসকলে আইনৰ কাষ চপাৰ কথাও উল্লেখ কৰে সংবাদ মাধ্যমৰ আগত ।

পিচে প্ৰশাসনৰ সন্মুখতে ইমান বেপৰোৱাভাৱে এই বিত্তীয় প্ৰতিষ্ঠানটোৱে কেনেদৰে ৰাইজৰ পৰা ধন বিনিয়োগ কৰাবলৈ সক্ষম হৈছে সেয়াও এক ডাঙৰ প্ৰশ্ন ? নিজৰ সাঁচতীয়া ধন বেংকত জমা থৈয়ো যেন নিৰাপদ নহয় সাধাৰণ জনতা । সেয়ে ইয়াৰ এক উচিত তদন্তৰ দাবী কৰিছে সচেতন ৰাইজে ।

লগতে পঢ়ক: ছেকেণ্ড হেণ্ড দুচকীয়া বাহন ক্ৰয় কৰাৰ পূৰ্বে সাৱধান, আপুনিও বলি হ'ব পাৰে প্ৰৱঞ্চনাৰ - Bank Forgery In Tinsukia

অসম গ্ৰামীণ বিকাশ বেংকৰ ৮.২৮ কোটি টকীয়া কেলেংকাৰীৰ বিৰুদ্ধে চি বি আইৰ অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.