ETV Bharat / state

স্বচ্ছতা অভিযান আৰু সজাগতা চাইকেল ৰেলীৰে কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন - WORLD TOURISM DAY 2024 - WORLD TOURISM DAY 2024

World Tourism Day observed at Kaziranga: আজি বিশ্ব পৰ্যটন দিৱস । প্ৰতিবছৰে ২৭ ছেপ্টেম্বৰ দিনটো বিশ্বজুৰি এই দিৱস উদযাপন কৰা হয় । ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাৱধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস উদযাপন কৰি আহিছে ।

World Tourism Day Observed at Kaziranga
কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 12:30 PM IST

কাজিৰঙা, ২৭ ছেপ্টেম্বৰ : সমগ্ৰ বিশ্বতে আজিৰ দিনটো পৰ্যটন দিৱস হিতাপে উদযাপন কৰা হৈছে । প্ৰতিবছৰে ২৭ ছেপ্টেম্বৰৰ দিনা বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয় । ১৯৮০ চনৰ পৰা ৰাষ্ট্ৰসংঘৰ অধীনস্থ সকলো সদস্য দেশে বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত এই দিৱস উদযাপন কৰি আহিছে ।

ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা অৰ্থাৎ United Nations World Tourism Organisation-এ আৰম্ভ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা । লগতে বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰা ।

কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন (ETV Bharat Assam)

তদুপৰি, পৰ্যটনৰ ভূমিকা সম্পৰ্কে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক উপযোগিতাক বিশ্বজুৰি প্ৰচাৰ কৰাটো এই দিৱসৰ অন্যতম উদ্দেশ্য । এইবৰ্ষৰ বিশ্ব পৰ্যটন দিৱসৰ মূল বিষয়বস্তু হৈছে 'Tourism And Peace' অৰ্থাৎ পৰ্যটন আৰু শান্তি ।

দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্ততো পৰ্যটন দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী আয়োজন কৰা হৈছে । একেদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো এই দিৱস উদযাপন কৰা হৈছে । ভাৰত পৰ্যটন আৰু অসম পৰ্যটন উন্নয়ন নিগমৰ উদ্যোগত আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বোকাখাত জনস্বাস্থ্য কাৰিকৰী বিভাগ, বৃহত্তৰ কাজিৰঙা সংবাদ মঞ্চ, কাজিৰঙা অধ্যয়ন চক্ৰ, হোটেল এণ্ড ৰিজ'ৰ্ট এছ’চিয়েচনকে আদি কৰি কেইবাটাও স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানে পৰ্যটন দিৱস উপলক্ষে স্বচ্ছতা অভিযান আৰু চাইকেল ৰেলীৰ জৰিয়তে সজাগতা সৃষ্টিৰ কাৰ্যসূচী গ্ৰহণ কৰিছে ।

এই সন্দৰ্ভত উদ্যোক্তাসকলে কয়, "বিশ্ব পৰ্যটন দিৱস উপলক্ষে আজি পৰমানন্দ কনভেচন হলৰ সন্মুখত পুৱা এটা চাফাই অভিযানৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । তাৰ পিচতে এটা চাইকেল ৰেলীৰ আয়োজন কৰা হৈছে । ইয়াত আমাৰ পি এইচ চি গোলাঘাট জিলাৰ সহযোগত আৰু বহুকেইটা সংগঠন আৰু আমাৰ বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলে যোগদান কৰিছে । ইয়াৰ মূল উদ্দেশ্য হৈছে আমি এটা কাৰ্বনমুক্ত বাৰ্তা জনসাধাৰণলৈ লৈ যাব বিচাৰিছোঁ ।"

লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024
লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱস : সমগ্ৰ বিশ্বৰ পৰ্যটনৰ তাৎপৰ্যৰ ওপৰত আলোকপাত - World Tourism Day

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.