ETV Bharat / state

নুমলীগড়ত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত মহিলা - Man Elephant Conflict - MAN ELEPHANT CONFLICT

Elephant terror in Assam : ৰাজ্যৰ বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাত অব্যাহত । ইয়াৰ মাজতেই গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱত আতংকিত হৈছে ৰাইজ ।

Wild Elephant Menace
বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 5:29 PM IST

গোলাঘাট, ৭ জুন: গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ । বৃহস্পতিবাৰে নিশা ঘৰৰ পৰা চোতালত ওলাই অহাৰ সময়তেই বন্যহস্তীয়ে অতৰ্কিতে আক্ৰমণ কৰে স্বপ্না শইকীয়া নামৰ এগৰাকী মহিলাক । হাতীৰ আক্ৰমণত ভৰি আৰু বুকুত গুৰুতৰভাৱে আঘাত পায় মহিলাগৰাকীয়ে । কেইবাদিনো ধৰি গাওঁখনৰ এখন হাবিত আশ্ৰয় লৈ আহিছে হাতীৰ এটা জাকে। এই জাকটোৰ পৰা ওলাই অহা হাতীৰ আক্ৰমণতেই মহলাগৰাকী আহত হয় ।

বন্যহস্তীৰ উপদ্ৰৱত আতংকিত ৰাইজ (ETV BHARAT ASSAM)

পিচত ঘটনাস্থলীত বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বিযয়া-কৰ্মীৰ দল এটা উপস্থিত হৈ আহত মহিলাগৰাকীক নুমলীগড় শোধনাগাৰ বিবেকানন্দ কেন্দ্ৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও আঘাত গুৰুতৰ হোৱাত উন্নত চিকিৎসাৰ বাবে নিশাই গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । উল্লেখযোগ্য যে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে দিনে নিশাই উপদ্ৰৱ চলাই আহিছে গোলাঘাট জিলাৰ বিভিন্ন অঞ্চলত । বৃহত্তৰ মৰঙি মৌজাৰ বিভিন্ন অঞ্চলত বিশেষকৈ থুৰামুখ, তেল গৰম, পংকা, দৈগ্ৰং, ধলাগুৰি, পুৰাবাংলা, চিনাতলী, শাওতলি, আৱৰঘাট, ৰঙাজান চাহ বাগিচা, আদিকে ধৰি বিভিন্ন অঞ্চলত বন্যহস্তীৰ জাকে প্ৰৱেশ কৰি ভঁৰালৰ ধান খাই তহিলং কৰাৰ লগতে ভাঙি তচনচ কৰে বাসগৃহ ।

বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকে নিশাৰ ভাগত ন্ত্ৰাসৰ সৃষ্টি কৰি বাগিচা আৰু কাঠনীৰ মাজত মুক্ত বিচৰণ কৰি আছে । স্থানীয় ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় জনপ্ৰতিনিধিক এই হাতী-মানুহৰ সংঘাত নিৰ্মূল কৰিবলৈ ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাই আহিছে যদিও আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক:কলিয়াবৰত বন্যহস্তীৰ উপদ্ৰৱ; নিৰ্বিকাৰ স্থিতিত বন বিভাগ - Elephant Terror In Kaliabor

কলিয়াবৰৰ শিলঘাটত বন্যহস্তীৰ উপদ্ৰৱ - Wild Elephant Menace

লক্ষীপুৰত বনৰীয়া হাতীৰ আক্ৰমণত এজনে হেৰুৱালে প্ৰাণ - Man Elephant Conflict

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.