কলিয়াবৰ: কলিয়াবৰত সোমবাৰে নিশা বনৰজা আৰু বন্যহস্তীক লৈ হুৱাদুৱা লাগে । টায়াৰ জ্বলাই, ফটকা ফুটাই বাঘ আৰু হাতী খেদাৰ চেষ্টা চলালে বন বিভাগে । বৰভকতি আৰু ঢেকীয়ালৰ কলঙৰ পাৰত বাঘৰ সন্ত্ৰাসত আতংকিত ৰাইজে কটাইছে বিনীদ্ৰ ৰজনী । সেয়েহে নিশা বন বিভাগ আৰম্ভ কৰিলে বাঘ খেদা অভিযান ।
সোমবাৰে পুৱাই গাঁৱত বিচৰণ কৰা বাঘটো নিশাও অঞ্চলটোতে বিচৰণক লৈ আতংকিত হৈ পৰে গাঁওবাসী । বাঘৰ ভয়ত ফুটগধূলিতে ভাত খাই শুই পৰে গাঁৱৰ ৰাইজ । শিলঘাট-কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বাঘে সন্ত্ৰাস চলাই কলিয়াবৰৰ বৰভকতি, দেৱসত্ৰ, ঢেকীয়াল গাঁৱত দুটা ছাগলী আৰু এটা গৰু পোৱালি নিধন কৰে ।
আনহাতে, নিশা সোণাৰী গাঁৱত দুটাকৈ বন্যহস্তীৰ বিচৰণ কৰে । নিশা বন বিভাগৰ লগতে জখলাবন্ধা থানাৰ আৰক্ষী উপস্থিত হৈ বাঘ, হাতী খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখে । তদুপৰি বাঘৰ সন্ত্ৰাসৰ বাবে কলিয়াবৰ সম-জিলাত প্ৰশাসনে জাৰি কৰিছে বিশেষ নিষেধাজ্ঞা । কলিয়াবৰৰ কলং সূঁতিৰ পাৰত ঢেকীয়াপতীয়া বাঘৰ বিচৰণৰ বাবেই বি এন এছ এছ, ২০২৩ৰ ১৬৩ ধাৰাত নিষেধাজ্ঞা জাৰি কৰিছে ।
জনসাধাৰণৰ সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে নিৰ্দিষ্ট স্থানত বিয়লি ৪ বজাৰ পৰা পুৱা ৯ বজালৈ প্ৰৱেশ আৰু চলাচলত বাধা আৰোপ কৰা হৈছে । বৰভকতি, মিৰিভেটি, ঢেকিয়াল, কটিয়ৰী, বাণীপুৰ,দেৱসত্ৰ,সৰুভগীয়া আৰু সোণাৰি গাঁৱত জাৰি কৰা হৈছে এই বিশেষ নিষেধাজ্ঞা ।
উল্লেখ্য় যে বিগত কেইবামাহো ধৰি সোণাৰী গাঁও, কামাখ্যা গাঁও, সোণাৰী চাহ বাগিচা আৰু হাতীমূৰাত দুটাকৈ ঢেকীয়াপতীয়া বাঘে গৰু-ছাগলী নিধন কৰি সন্ত্ৰাস চলাই আহিছে । বাঘে নতুন গাঁৱত বিচৰণ কৰাত শংকিত হৈ পৰিছে কলিয়াবৰবাসী ।