ETV Bharat / state

অসমত যেন বিশেষ একোৱেই হোৱা নাই ! বানৰ সন্দৰ্ভত অমিত শ্বাহৰ পোষ্টক লৈ প্ৰতিক্ৰিয়া - Assam flood 2024 - ASSAM FLOOD 2024

Amit Shah on flood in Assam : বানত আক্ৰান্তৰ সংখ্যা প্ৰায় ২৪ লাখ আৰু মৃত্যুৰ সংখ্যা ৫৮ গৰাকী হৈছে যদিও অমিত শ্বাহৰ মতে অসমত ‘বানসদৃশ’ পৰিস্থিতিৰহে সৃষ্টি হৈছে ৷ যেন আকৌ এবাৰ স্পষ্ট কৰিলে অসমৰ বান সমস্যাৰ ক্ষেত্ৰত কেন্দ্ৰৰ থকা দায়ৱদ্ধতা ৷

Amit Shah on flood in Assam
অসমৰ বান পৰিস্থিতিক লৈ অমিত শ্বাহৰ পোষ্ট (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 3:35 PM IST

গুৱাহাটী, ৭ জুলাই : অসমত ‘বানসদৃশ’ পৰিস্থিতিৰ সৃষ্টি হৈছে । ৰাজ্যৰ ২৯ খন জিলাৰ ২৪ লাখ লোকে হাহাকাৰ কৰাৰ সময়তে অসমত বানপানী হোৱা নাই, বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই কথা কোনো সাধাৰণ লোকে কোৱা নাই । ৰাজ্যৰ লাখ লাখ লোকে বানত ককবকাই থকাৰ সময়তে অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি কৈছে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে ।

নিৰ্বাচনৰ সময়ত অসমৰ ভয়াৱহ বান-খহনীয়াৰ সমস্যাক এজেণ্ডা হিচাপে লোৱা বিজেপিৰ শীৰ্ষ নেতাগৰাকীৰ মতে অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । অসমৰ শেহতীয়া বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে এনেদৰে এক্সত কৰা এটা পোষ্টক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ অসমৰ ভয়াৱহ বান পৰিস্থিতিক এনেদৰে গুৰুত্বহীন কৰি কৰা মন্তব্যক লৈ সামাজিক মাধ্যমত বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।

উল্লেখ্য যে ৰাজ্যৰ বৰ্তমান ৰাজ্যৰ ২৯ খন জিলাৰ ২৪ লাখ লোকে ভয়াৱহ বানৰ কৱলত পৰি দিকবিদিক হেৰুৱাইছে । সাগৰসদৃশ পৰিৱেশৰ মাজত কলগছৰ ভূৰত জীৱন ৰক্ষাৰ যুঁজত নামিছে । সেইসময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এবাৰলৈও অসম ভ্ৰমণৰ বাবে আহৰি পোৱা নাই । অসমৰ ৰাইজৰ দুখৰ সমভাগী হোৱাৰ হোৱাৰ বিপৰীতে প্ৰলয়ৰ সৃষ্টি কৰা বানক ‘বানসদৃশ’ পৰিস্থিতি বুলি মন্তব্য কৰিছে । যাক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাটো অস্বাভাৱিক নহয় ।

দেখাত সাধাৰণ এশাৰী বাক্য যদিও বাক্যশাৰীয়ে ব্যক্ত কৰিলে বহু কথা । স্পষ্ট কৰিলে অসমৰ বান পৰিস্থিতিক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতা । নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত চার্টাড ফ্লাইট লৈ ঘনে ঘনে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে টেলিফোনত কথা পাতি দুৰ্যোগৰ সমভাগী বুলি কোৱাতেই যেন সকলো শেষ ।

লগতে পঢ়ক: কাজিৰঙাত বানৰ সংহাৰ: বানত মৃত্যু ছটা গঁড়সহ ১২০ টা বন্যপ্ৰাণীৰ

এইপর্যন্ত প্ৰলয়ংকাৰী বানত ৰাজ্যৰ ৫৮ গৰাকী লোকৰ কৰুণ মৃত্যু হৈছে । কিন্তু ইয়াৰ পিচতো কোনো এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমবাসীৰ দুৰ্যোগৰ সময়ত কাষত থিয় দিয়াৰ প্ৰয়োজনবোধ কৰা নাই । বিপৰীতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হৈ উঠি সামাজিক মাধ্যমত পোষ্ট এটা কৰিয়েই দায়িত্ব সামৰিছে প্ৰধানমন্ত্ৰী কিম্বা কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ।

অসমৰ বানক লৈ শনিবাৰে পুনৰ এটা এক্স পোষ্ট কৰিছিল গৃহমন্ত্ৰী অমিত শ্বাহে ৷ টুইটত কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে কৈছে, ‘‘ধাৰাষাৰ বৰষুণৰ ফলত অসমত বানসদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে । এই পৰিস্থিতিৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বাৰ্তালাপত মিলিত হওঁ । এন ডি আৰ এফ আৰু এছ ডি আৰ এফে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে, ৰিলিফ প্ৰদানৰ লগতে ভুক্তভোগীক উদ্ধাৰ অভিযান চলাইছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ লগত থিয় দিছে আৰু এই প্ৰত্যাহ্বানমূলক সময়ত ৰাজ্যখনক সম্ভৱপৰ সকলোধৰণৰ সহায় আগবঢ়াবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।’’ এয়াই হৈছে অসমৰ ভয়াৱহ বান পৰিস্থিতিক লৈ কেন্দ্ৰৰ পদক্ষেপ ।

লগতে পঢ়ক: বানাক্ৰান্ত দুৰ্গতসকলৰ দুখৰ বুজ ল'বলৈ অসমলৈ আহক প্ৰধানমন্ত্ৰী : আছু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.