ETV Bharat / state

দোলাৰে আহি ঘোঁৰাত উভতিব দেৱী দুৰ্গা; জানি লওক কি হ’ব দেৱীৰ আগমন আৰু গমনৰ ফল - Durga Puja 2024

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Updated : 13 minutes ago

Astrology: মা দুৰ্গাৰ আগমনে জীপাল কৰিছে ধৰা । চৌদিশে আনন্দৰ জোৱাৰ । সকলো সাজু দুৰ্গা পূজাৰ বাবে । এইবাৰ দেৱীৰ দোলাত আগমন আৰু ঘোঁৰাত গমন ৷ দেৱীৰ আগমনে এইবাৰ কি বতৰা আনিব ? জানিবলৈ পঢ়ক সবিশেষ-

Astrologer on Goddess Durgas arrival
জ্যোতিষ শাস্ত্ৰবিদ শ্ৰী শ্ৰী ঘোষ (ETV Bharat Assam)

যোৰহাট, ২ অক্টোবৰ: শাৰদী কোমল পুৱাই ধৰালৈ দোলাৰে আগমন ঘটিল দেৱী দুর্গাৰ । মা দুৰ্গাৰ আগমনে জীপাল কৰিছে ধৰাৰ বুকু । পিতৃপক্ষৰ অৱসান ঘটাই আজিৰে পৰা আৰম্ভ হ'ল দেৱীপক্ষ । মহালয়াত দেৱীপক্ষৰ আৰম্ভণি, দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন আৰু পিতৃপক্ষৰ অন্ত ৷

আহিনৰ শুক্লপক্ষৰ ষষ্ঠী তিথিৰ পৰা আৰম্ভ হয় দুৰ্গোৎসৱ ৷ বিল্ব বোধনেৰে ষষ্ঠীৰ বেদীত স্থাপন কৰা হ’ব মহিষমৰ্দিনীক ৷ এই পক্ষটোক দেৱীপক্ষ নামেৰেও জনা যায় ৷ পূৰ্বৱৰ্তী অমাৱস্যাত এই দেৱীপক্ষৰ আৰম্ভ হয় আৰু ইয়াকেই কোৱা হয় 'মহালয়া' ।

দোলাৰে আহি ঘোঁৰাত উভতিব দেৱী দুৰ্গা (ETV Bharat Assam)

এইবাৰ দোলাত দেৱী দুৰ্গাৰ আগমন আৰু ঘোঁৰাত গমন । দেৱীৰ আগমন আৰু গমন শুভ নে অশুভ তাক লৈ ভক্তসকলৰ মাজত চলিছে চৰ্চা । আজি মহালয়া আৰু পবিত্ৰ দিনটোত প্ৰাতঃভ্ৰমণৰ বাবে ওলাই আহিলে ৰোগ-ব্যাধি দূৰ হয় বুলি জনবিশ্বাস আছে । সেয়ে ৰাজ্যত মহালয়াৰ দিনা ব্ৰহ্মপুৱাৰ পৰাই বাট-পথত দেখা গ’ল ভক্তৰ ভিৰ ৷

এইবাৰ দেৱী দুৰ্গাৰ দোলাত উঠি ধৰালৈ আগমন ঘটিছে । ফলত মহাব্যাধিয়ে দেখা দিব পাৰে ৷ এই সন্দৰ্ভত জ্যোতিষ শাস্ত্ৰবিদ শ্ৰী শ্ৰী ঘোষে কয়, "এইবাৰ দেৱী দুৰ্গা দোলাত আহিছে । দেৱী দুৰ্গা দোলাত অহা মানেই মহামাৰীৰ সম্ভৱনা । ফলত ৰাইজে খোৱা-বোৱাত ধ্যান আৰু প্ৰণায়ম কৰিব লাগিব আৰু ভাল চিন্তা কৰোতো বহুত প্ৰয়োজনীয় । দেৱী দুৰ্গা দোলাত আহি ঘোঁৰাত গমন কৰিব । ফলত হিংসাত্মক কাৰ্যকলাপ বৃদ্ধি পোৱাৰ লগতে এখন দেশে আন এখন দেশৰ সৈতে যুদ্ধত লিপ্ত হোৱাৰ সম্ভৱনা অধিক দেখা পোৱা যাব । দেৱী দোলাত অহাৰ লগে লগে মহামাৰী হ'ব বুলি কোৱা আছে যদিও আজি পৰা ৪৫ দিনত ধ্যান, প্ৰাণায়ম আদি কৰিলে সমাধান সুত্ৰ ওলাব পাৰে ।"

জ্যোতিষ শাস্ত্ৰবিদ শ্ৰী শ্ৰী ঘোষে পিতৃপক্ষৰ তাৎপৰ্য সম্পৰ্কে কয়, "আজি পিতৃপক্ষ সমাপন হৈ দেৱীপক্ষৰ সূচনা হ'ব । পিতৃপক্ষৰ সমাপনৰ দিনা আমাৰ পূৰ্ব পুৰুষ আৰু বিদেহ আত্মা ধৰালৈ নামি আহে ৷ সন্তান, আত্মীয়ৰ পৰা এটুপি পানী বিচাৰে আৰু তেওঁলোকৰ আশা বহু দীঘলীয়া । আজিৰ দিনতো আমি তিল তৰ্পন তথা পিতৃ তৰ্পন কৰিব লাগে । এটা পাত্ৰত পানী আৰু তিল লৈ বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ মাজৰে বাওঁ হাতেৰে পানী দি উপৰিপুৰুষক আহ্বান কৰিব লাগে আৰু পানী গ্ৰহণ কৰক বুলি উচ্চাৰণ কৰিব লাগে । এনে কৰিলে উপৰিপুৰুষে আমাক আৰ্শীবাদ দিব । তেতিয়া আমাৰ ধন সম্পত্তি বৃদ্ধি হ'ব । এয়া আমাৰ পুৰাণত লিপিবদ্ধ আছে ।"

লগতে পঢ়ক:এই বৰ্ষত দেৱীৰ আগমন তথা গমনে কেনে প্ৰভাৱ পেলাব ভক্তৰ জীৱনত - Durga Puja 2024

মহালয়া কোনদিনা পালন কৰা হ’ব ? এইবাৰ কিহত আগমন আৰু গমন কৰিব মা দুৰ্গাই ? - Mahalaya 2024

Last Updated : 13 minutes ago
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.