ETV Bharat / state

চাৰিওফালে কেৱল পানী; কাজিৰঙাত জলমগ্ন ৯৫ টা বনশিবিৰ এলেকা - ASSAM FLOOD 2024

author img

By ETV Bharat Assamese Team

Published : Jul 2, 2024, 1:38 PM IST

Flood in Kaziranga National Park : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে আগুৱাইছে বন্যজন্তু । ঘাইপথত যান-বাহন চলাচলত আৰোপ কৰা হৈছে কেতবোৰ নিশেধাজ্ঞা ।

Flood in Kaziranga National Park
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান (ETV BHARAT ASSAM)

কাজিৰঙা, ২ জুলাই : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভাগত বৃদ্ধি পাইছে জলস্তৰ ৷ বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ধনশিৰি নৈৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে উদ্যান সংযোগী নলাসমূহেৰে তীব্ৰগতিত বাঢ়নী পানী প্ৰৱেশ কৰাত প্লাবিত হৈছে ৰাষ্ট্ৰীয় উদ্যানখন ৷ মঙলবাৰে উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ৯৫ টা বনশিবিৰ এলেকা প্লাবিত হৈছে ৷

অগৰাতলি বনাঞ্চলৰ মুঠ ৩৪ টা বনশিবিৰৰ ৩৪ টায়ে, কহঁৰা বনাঞ্চলৰ ৫৮ টা বনশিবিৰৰ ২০টা, বাগৰি বনাঞ্চলৰ ৩৯ টা বনশিবিৰৰ ১০ টা, বুঢ়াপাহাৰ বনাঞ্চলৰ ২৫ টা বনশিবিৰৰ ৫ টা, বোকাখাতৰ ৯ টা বনশিবিৰৰ ৬ টা আৰু বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ৩০ টা বনশিবিৰৰ ২০ টা বনশিবিৰ এলেকা প্লাবিত হৈছে ৷

বাঢ়নী পানীয়ে উদ্যানৰ অন্তৰ্ভাগৰ কেতবোৰ এলেকা ৫ ফুট পৰ্যন্ত বুৰাই পেলোৱাৰ পৰিপ্ৰেক্ষিতত উক্ত বনাঞ্চলসমূহৰ ৬ টাকৈ বনশিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷ বৰ্তমানলৈকে অগৰাতলিত এটা, কহঁৰাত এটা, বোকাখাতত ৩ টা আৰু বিশ্বনাথৰ এটা বনশিবিৰ স্থানান্তৰ কৰিব লগা হৈছে ৷

ইফালে, উদ্যানৰ অন্তৰ্ভাগত থকা বিভাগীয় হাতীসমূহ সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰাৰ সমান্তৰালকৈ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কেতবোৰ ব্যৱস্থা গ্ৰহণ কৰিছে উদ্যান কৰ্তৃপক্ষই ৷ উদ্যানৰ অন্তৰ্ভাগত ঠায়ে ঠায়ে মেচিন নাও, হাত নাও, স্পীড ব’ট আদিৰে বনকৰ্মীয়ে তহলৰ ব্যৱস্থা কৰাৰ লগতে উদ্ধাৰ কাৰ্যৰ বাবে যাৱতীয় সামগ্ৰী প্ৰস্তুত কৰি ৰখা হৈছে ৷

লগতে পঢ়ক:বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু বোকাখাত আৰক্ষী: বন্যপ্ৰাণীক অনিষ্ট নকৰাৰ আহ্বান - ASSAM FLOOD 2024

আনহাতে, বানৰ লগে-লগে উদ্যানৰ বন্যপ্ৰাণীসমূহ আশ্ৰয়স্থল বিচাৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি কাৰ্বি পাহাৰৰ নামনি অঞ্চলত প্ৰৱেশ কৰিছে ৷ এই সময়চোৱাত যাতে ঘাইপথৰ এনিমেল ক’ৰিড’ৰ সমূহত যান-বাহনৰ দ্বাৰা বাধাপ্ৰাপ্ত অথবা দুৰ্ঘটনাগ্ৰস্ত নহয় তাৰ বাবে ঠায়ে ঠায়ে বেৰিকেডৰ ব্যৱস্থা কৰিছে । লগতে বনকৰ্মীৰ দ্বাৰা নিয়মীয়া তহলৰ ব্যৱস্থা কৰা হৈছে ৷ তহলৰ বাবে অতিৰিক্ত বনকৰ্মী নিয়োগ কৰাৰ সমান্তৰালৈ দাঁতিকাষৰীয়া এলেকাসমূহত বনকৰ্মী আৰু আৰক্ষীৰ যৌথ তহলৰ ব্যৱস্থাও কৰা হৈছে ৷

লগতে পঢ়ক:কাজিৰঙাৰ বানাক্ৰান্ত জীৱ-জন্তুক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা - Assam Floods 2024

ইফালে, মঙলবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ গোলাঘাট জিলা আৰক্ষী অধীক্ষকে বানৰ সময়ত কাজিৰঙাৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে ঘাইপথত যান-বাহনৰ চলাচলত কেতবোৰ নীতি-নিয়ম বান্ধি দি এক নিৰ্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি, বানৰ সময়ত বাণিজ্যিক যান-বাহনৰ চলাচল কাজিৰঙাৰ ঘাইপথ অতিক্ৰম কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ আনহাতে, কেৱল দিনৰ ভাগত ব্যক্তিগত যান-বাহন নিয়ন্ত্ৰিত গতিবেগৰ মাজেৰে কাজিৰঙা অতিক্ৰম কৰিব পাৰিব ৷ ইফালে, ৰাতিৰ ভাগত কেৱল স্থানীয় ব্যক্তিগত যান-বাহনহে কাজিৰঙাৰ ঘাইপথত চলাচল কৰিব পাৰিব ৷

লগতে পঢ়ক:বানৰ কবলত অসমৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান : বানবিধ্বস্ত মানাহত উটি গ’ল শিবিৰ - ASSAM FLOOD 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.