ETV Bharat / state

সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ দিল্লীলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং - Amritpal Singh gets parole - AMRITPAL SINGH GETS PAROLE

Amritpal Singh: সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ দিল্লীলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং ৷ চাৰিদিনৰ বাবে মুকলি আকাশৰ তলত থাকিব সাংসদগৰাকী ৷ পুৱা 4 বজাতে বিশেষ IAF বিমানেৰে দিল্লীলৈ লৈ যোৱা হ'ল অমৃতপাল সিঙক ৷

Amritpal Singh gets parole
সাংসদ হিচাপে শপত গ্ৰহণ কৰিবলৈ দিল্লীলৈ ৰাওনা কাৰাবন্দী অমৃতপাল সিং (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 8:56 AM IST

মৰাণ, 5 জুলাই: ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত থাকিয়েই লোকসভা নিৰ্বাচনত পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি বিজয় সাব্যস্ত কৰিলে ৱাৰিছ পঞ্জাৱ দে' ৰ মুৰব্বী অমৃতপাল সিঙে । নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পাছত শুকুৰবাৰে সাংসদ হিচাপে শপতগ্ৰহণ কৰিব অমৃতপাল সিঙে ।

নিৰ্বাচনী প্ৰচাৰ নচলোৱাকৈ পঞ্জাৱৰ খাদুৰ চাহিব সমষ্টিৰ পৰা প্ৰায় 1 লাখ 90 হাজাৰৰো অধিক ভোটৰ ব্যৱধানত বিজয়ী হোৱাৰ পিছতে সাংসদ হিচাপে শপত গ্ৰহণ কৰাক লৈ অনিশ্চয়তা সৃষ্টি হৈছিল । ইয়াৰ পাচতে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ৰ কেন্দ্ৰীয কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই থকা অমৃতপাল সিঙৰ শপত গ্ৰহণৰ বাবে তেওঁৰ পৰিয়ালটো আদালতৰ দ্বাৰস্থ হৈছিল ।

লগতে পঢ়ক: বৃহস্পতিবাৰে ডিব্ৰুগড়ৰ পৰা নিয়া হ'ব দিল্লীলৈ : ৫ জুলাইত সাংসদৰূপে শপত ল’ব অমৃতপালে - Amritpal Singh gets parole

অৱশেষত শপতগ্ৰহণৰ বাবে আদালতে অনুমতি প্ৰদান কৰাত শুকুৰবাৰে ডিব্ৰুগড় কাৰাগাৰৰ পৰা দিল্লীলৈ বুলি ৰাওনা হৈছে নৱনিৰ্বাচিত সাংসদ অমৃতপাল সিং ৷ পঞ্জাৱ আৰক্ষীৰ নিৰাপত্তাৰক্ষীৰ এটা বিশেষ দলে দিল্লীলৈ কটকটীয়া নিৰাপত্তাৰ মাজৰে লৈ যায় অমৃতপাল সিঙক । সংবাদ মাধ্যমৰ চকুত নপৰাকৈ পুৱা 4 বজাতে বিশেষ IAF বিমানেৰে মোহনবাৰীৰ পৰা দিল্লীলৈ সিঙক লৈ যোৱা হয় বুলি জানিব পৰা গৈছে ।

পঞ্জাৱৰ জলন্ধৰৰ মুখ্য ন্যায়াধীশৰ বিশেষ চৰ্তসাপেক্ষে শপতগ্ৰহণৰ বাবে যাবলৈ দিয়া হৈছে অমৃতপাল সিঙক । অমৃতপাল সিঙৰ অধিবক্তাই জানিবলৈ দিয়া অনুসৰি, চাৰিটা দিনৰ বাবে জামিন লাভ কৰিছে সিঙে । দিল্লীত শপত গ্ৰহণ কৰি পঞ্জাৱলৈ যাবলৈ অনুমতি লাভ কৰিব নে নাই, সেয়া বৰ্তমানেও নিশ্চিত হোৱা নাই । সোমবাৰে পুনৰ ডিব্ৰুগড় কাৰাগাৰলৈ অনা হ'ব অমৃতপাল সিঙক ।

লগতে পঢ়ক: ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপালৰ সহযোগীও হ’ব নিৰ্বাচনৰ প্ৰাৰ্থী - Dibrugarh Central Jail

উল্লেখ্য যে, খালিস্তানী সমৰ্থক তথা 'ৱাৰিছ পঞ্জাৱ দে'ৰ নেতা অমৃতপাল সিঙক পঞ্জাৱত গ্ৰেপ্তাৰ কৰাৰ পিছত 2023 চনৰ 23 এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰতে বন্দী হৈ আছে । ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত দিন পাৰ কৰিছে ৱাৰিছ পঞ্জাৱ দে'ৰ মুৰব্বী অমৃতপাল সিঙৰ লগতে 9 খালিস্তানী কাৰাবন্দীয়ে ।

লগতে পঢ়ক: সাংসদ হিচাপে নিৰ্বাচিত কাৰাবন্দী অমৃত পাল সিং : মুক্তিৰ দাবী অধিবক্তাৰ - LOK SABHA ELECTION RESULTS 2024

ডিব্ৰুগড় কাৰাগাৰত বন্দী হৈ থকা অমৃতপাল সিঙৰ বৃহৎ জয় - Lok Sabha Election Results 2024

ডিব্ৰুগড়ৰ কাৰাগাৰৰ পৰাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব অমৃতপাল সিঙে - Lok Sabha Election 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.