ETV Bharat / state

ছিপাঝাৰত অন্তিম সংস্কাৰৰ পৰাও বঞ্চিত এগৰাকী মহিলা

এগৰাকী মহিলাৰ সৎকাৰৰ বাবে ওলাই নাহিল গাৱঁৰ ৰাইজ । উপায়হীন পৰিয়ালৰটোৰ লোকে গাঁত খান্দি পুতি থ’লে !

Darrang woman funeral controversy
ছিপাঝাৰত অন্তিম সংস্কাৰৰ পৰাও বঞ্চিত এগৰাকী মহিলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 7, 2024, 5:02 PM IST

মঙলদৈ : সামাজিক সংকীৰ্ণতাৰ বাবেই অবিবাহিত হিন্দু মহিলা এগৰাকীক মৃত্যুৰ পিচত মৃতদেহ সৎকাৰৰ বিপৰীতে পুতি থবলৈ বাধ্য হ’ল ভুক্তভোগী পৰিয়াল ৷ ঘটনাৰ স্থান ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত পিঠাখোৱাপাৰাত ।

বিজ্ঞানৰ উন্নতিৰ লগে লগে মানুহৰ ধ্যান-ধাৰণা, চিন্তাধাৰা উন্নতিৰ জখলাত বগাইছে যদিও একবিংশ শতিকাৰ এই যুগতো সলনি হোৱা নাই একাংশ লোকৰ মানসিকতা । এইসকল লোকৰ চিন্তাধাৰা কেৱল আদিম, বৰ্বৰ মানুহৰ দৰেই হৈ আছে । তেনে এক শেহতীয়া উদাহৰণ হৈছে ছিপাঝাৰৰ এই ঘটনাটো ।

ছিপাঝাৰত অন্তিম সংস্কাৰৰ পৰাও বঞ্চিত এগৰাকী মহিলা (ETV Bharat Assam)

শাৰীৰিক অসুস্থতাৰ বাবে সোমবাৰে মৃত্যু হয় অঞ্চলটোৰ পাৰুল ডেকা নামৰ এগৰাকী ষাঠি ঊৰ্ধ্বৰ অবিবাহিত মহিলাৰ ৷ কিন্তু মৃত্যুৰ পিচত মৃতদেহ সৎকাৰ কৰিবলৈ গাঁওখনৰ মানুহক খবৰ দিছিল যদিও খেলৰ বিভিন্ন অজুহাতত ওলাই নাহিল গাঁওখনৰ এজনো লোক ৷

গাঁওখনৰ কোনো লোকে মহিলাগৰাকীৰ শেষ সৎকাৰৰ বাবে ওলাই নহাত উপায়ন্তৰ পৰিয়ালৰটোৰ সদস্যই মিলি দুই কিলোমিটাৰ দূৰলৈ কঢ়িয়াই নি মৃতদেহ গাঁত খান্দি পুতি থ’বলগীয়া হয় ৷

এইক্ষেত্ৰত স্থানীয় গাঁওপ্ৰধান ৰাজীৱ বণিয়াৰ ভূমিকাক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে ৷ ভুক্তভোগী পৰিয়ালটোক সহযোগ নকৰাৰ অভিযোগ উঠিছে গাঁওপ্ৰধানৰ বিৰুদ্ধে । আনহাতে, পৰিয়ালৰ লোকে অভিযোগ কৰা অনুসৰি, ঘটনা সংঘটিত হোৱাৰ চাৰিদিন উকলি যোৱাৰ পিচতো এতিয়ালৈকে মৃতকৰ ঘৰত উপস্থিত হোৱা নাই গাঁওপ্ৰধানগৰাকী ।

ইফালে এগৰাকী হিন্দু মহিলাক কেৱল সামাজিক সংকীৰ্ণতাৰ বাবেই গাঁত খান্দি পুতি থ’বলগীয়া হোৱা ঘটনাই সমগ্ৰ দৰং জিলাতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । লগতে ভুক্তভোগী পৰিয়ালটোৱে এই ক্ষেত্ৰত ন্যায় বিচাৰিছে ।

লগতে পঢ়ক :অপহৰণকাৰী সংগঠনে মুকলি কৰিলে গৌতম বসুমতাৰীক
লগতে পঢ়ক :সন্তানক হেৰুৱাই ওৰে নিশা বুকু ভঙা চিঞৰ এগৰাকী মাতৃৰ...আপোনাৰো ওলাব চকুলো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.