গুৱাহাটী: মহানগৰীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ ২১ সংখ্যক অধিৱেশনত দেওবাৰে উপস্থিত থাকে দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ দ্বি-বাৰ্ষিক অধিৱেশনত অংশ লোৱাৰ উদ্দেশ্যে এদিনীয়া ভ্ৰমণসূচীৰে পত্নীসহ আজি অসমত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতিগৰাকী ।
অসমত উপস্থিত হোৱাৰ পাছতে প্ৰথমে বিমান বন্দৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উষ্ম আদৰণি জনায় উপ-ৰাষ্ট্ৰপতি ধনখড়ক ।
তাৰ পাছত পোনে পোনে খানাপাৰাৰ অধিৱেশনত স্থলীত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতিগৰাকী । কৃষ্ণগুৰু আধ্যাত্মিক যুৱ সমাজৰ এই অধিবেশনত উপস্থিত থাকি অভিভূত হৈ পৰে উপ-ৰাষ্ট্ৰপতিগৰাকী । তেওঁ ভাষণৰ প্ৰসংগত কয়, ‘‘উত্তৰ-পূৰ্বাঞ্চল এতিয়া আমাৰ ৰাষ্ট্ৰীয় কাহিনীৰ কেন্দ্ৰবিন্দু ৷ আমি পূৰ্বোদয়ৰ এটা পৰ্যায় দেখিছোঁ, যিটো কেতিয়াও কল্পনা কৰা হোৱা নাছিল ৷ আনকি এই দেশৰ মানুহেও সেয়া কল্পনা কৰিব পৰা নাছিল । সেয়া উত্তৰ-পূবতেই হৈছে ।’’
‘‘উত্তৰ-পূৰ্বাঞ্চলৰ পৰিৱৰ্তন হৈছে ভাৰতৰ প্ৰগতিক চালিত কৰা অন্তৰ্ভুক্তিৰ মনোভাৱৰ এক প্ৰমাণ । কেইবা দশক ধৰি এই অঞ্চলটোৱে উন্নয়ন আৰু সংযোগ সম্পৰ্কীয় প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল, কিন্তু আজি ইয়াত সেয়া এক প্ৰকৃত অগ্ৰাধিকাৰ হৈ পৰিছে,’’ তেওঁ লগতে কয় ৷
উপ-ৰাষ্ট্ৰপতি ধনখড়ে আৰু কয়, ‘‘আমাৰ দেশৰ পৰিৱৰ্তন প্ৰণালীৰ অংশ হিচাপে আপোনালোকক সহায় কৰিব পৰাকৈ তিনিটা নীতি আছে : আধ্যাত্মিকতাৰ পৰা নিজকে আঁতৰাই নাৰাখিব । কৃষ্ণগুৰুজীয়ে আধ্যাত্মিকতাৰ পথ শিকাইছে, আৰু এই পথৰ পৰা আঁতৰি যোৱাটো ভুল হ'ব । এই পথৰ লগতে জাতীয়তাবাদ, আধুনিকতা আৰু প্ৰযুক্তিগত বিকাশৰ কথাও মনত ৰাখিব । যেতিয়া এই তিনিওটা একত্ৰিত হয়, ইয়াত উল্লেখ কৰা অনুসৰি, আৰু বহু বছৰ আগতে লিপিবদ্ধ কৰা অনুসৰি বিশ্বৰ সৰ্বশ্ৰেষ্ঠ অৰ্থনৈতিক শক্তি ‘বিশ্বগুৰু’ হোৱাৰ স্থিতি বাস্তৱ হৈ পৰি ৷ কোনেও ইয়াক বন্ধ কৰিব নোৱাৰিব ৷ এই দায়িত্ব আপোনালোকৰ কান্ধত আছে ।’’
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে আধ্যাত্মিকতাৰ অন্তৰ্নিহিত গুণবোৰৰ বিষয়ত অধিক গুৰুত্ব প্ৰদান কৰে আৰু সম্প্ৰীতি তথা ন্যায়ক প্ৰতিষ্ঠা কৰা মূল্যবোধৰ প্ৰচাৰৰ বাবে আহ্বান জনায় । তেওঁ ভাষণৰ প্ৰসংগত কয়, ‘‘মনত ৰাখিব, আধ্যাত্মিকতাৰ কিছুমান অৰ্নিহিত গুণ আছে: প্ৰেম, সহানুভূতি, ধৈৰ্য, সহনশীলতা, ক্ষমা আৰু দায়িত্ববোধ । আমি এই মূল্যবোধবোৰক প্ৰচাৰ কৰাৰ লগে লগে এক শান্তিপূৰ্ণ আৰু ন্যায়সংগত পৃথিৱীৰ বাবে বীজ ৰোপণ ককৰিব পাৰো ।’’
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ স্থিতিস্থাপকতা আৰু নিস্বাৰ্থ সেৱাৰ ইতিহাসৰ বিষয়তো আলোকপাত কৰে । বিশেষকৈ সংকটৰ সময়ত ইয়াৰ প্ৰয়োজনীয়তাৰ কথাও উল্লেখ কৰে । তেওঁ কয়, ‘‘আমাৰ সমগ্ৰ ইতিহাসত আমাক বহুতো সুযোগ দিয়া হৈছে । আমাৰ মহান নেতা আৰু আধ্যাত্মিক ব্যক্তিসকলে সদায়ে সংকটৰ সময়ত আমাক সমৰ্থন কৰি আহিছে, তেওঁলোকে এনে এক সংস্কৃতি প্ৰদান কৰিছে য'ত কোভিড-১৯ মহামাৰীয়েই হওক, ভূমিকম্প হওক বা আন যিকোনো দুৰ্যোগেই হওক, আমাৰ মন্দিৰ আৰু আধ্যাত্মিক কেন্দ্ৰসমূহে মানুহক সকাহ দিবলৈ আগবাঢ়ি আহিছে ।’’
ভাৰতৰ প্ৰাচীন গ্ৰন্থসমূহৰ তাৎপৰ্যৰ বিষয়ে উল্লেখ কৰি তেওঁ কয়, ‘‘ৰামায়ণ, মহাভাৰত, মদ্ভগৱত গীতা, উপনিষদ আৰু বেদ এই শাস্ত্ৰসমূহে আমাক কি কথা সোঁৱৰাই দিয়ে ? কাৰ্য এক উচ্চ উদ্দেশ্যৰ দ্বাৰা নিৰ্দেশিত হ'ব লাগে, যাৰ ফলত কেৱল নিজকে নহয়, আন সম্প্ৰদায়সমূহো লাভাৱান্বিত হ'ব পাৰে ৷ এই বাৰ্তাটো আজি গভীৰভাৱে প্ৰতিধ্বনিত হৈছে ।’’
উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলক এক জীৱন্ত আৰু সমৃদ্ধ অঞ্চল হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত নীতিৰ পৰিৱৰ্তনশীল ভূমিকাৰ কথাও উল্লেখ কৰি কয় ‘‘উত্তৰ-পূৰ্বাঞ্চলৰ অনন্য পৰিচয় আৰু সংস্কৃতিৰ স্বীকৃতি এতিয়া বৃদ্ধি পাইছে । শেহতীয়াকৈ, আমি এক গৌৰৱান্বিত মুহূৰ্ত দেখিছিলো যেতিয়া বাংলা, মাৰাঠী, পালি আৰু প্ৰাকৃতৰ সৈতে অসমীয়া ভাষাক ভাৰতৰ অন্যতম ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ দীৰ্ঘদিনীয়া প্ৰয়োজনীয়তা পূৰণ কৰা হৈছে ।’’
এই অনুষ্ঠানত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক: ৩ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ 'ভাষা গৌৰৱ সপ্তাহ': মুখ্যমন্ত্রী
ৰাজ্যিক কৰ্মচাৰীৰ মৰগীয়া বানচ ৩ শতাংশ বৃদ্ধি...জীৱন্ত ৰাস উদযাপন সমিতিলৈ ২৫ হাজাৰ টকাৰ আৰ্থিক অনুদান